#এটি মিঠা সপোন (১২)
✍নয়নমনি দত্ত
সুৰভী বাহিৰলৈ ওলাই আহি ইফাল-সিফাল সকলোতে চাই প্ৰবালক ক'তো নেদেখি তাইৰ বুকুৰ কোনোবাখিনিত দুখে খুন্দা মাৰেহি।ভিতৰলৈ সোমাই আহি সকলোৰে আগত সহজ হৈ দেখুৱাইছে যদিও তাই ভিতৰি ভিতৰি কেৱল প্ৰবালৰ কথাই ভাবি আছিল।সময়ত সকলোৱে নিজৰ নিজৰ ক্লাছ শেষ কৰি সকলো ঘৰাঘৰি যাবলৈ লয় যদিও সুৰভী তেতিয়ালৈও অলপ সময় বহি তাইক ঘৰৰ পৰা দি পঠিওৱা মিঠাই আৰু পায়স প্ৰবালক দি থৈ যাওঁ বুলিয়েই তালৈ বুলি আৰু কিছু সময় অপেক্ষা কৰিলে।সুৰভীয়ে তাৰ মাজতে হাতৰ ঘড়ীলৈ চোৱাত দেখিলে ৪ বাজিবৰ হ'ল।সেইবাবে তাই সকলোবোৰ ঠিক ঠাক কৰি সুৰভী ঘৰলৈ যাবলৈ ওলাল ।
ঘৰ আহি পাইয়েই পাহিয়ে সুৰভীক দিয়া উপহাৰবোৰ চোৱাত লাগিল....ৱাহ..বৌ..তোমাৰ কলিগবোৰে তোমাক বৰ সুন্দৰ সুন্দৰ কিতাপ উপহাৰ দিছে চোৱা।
অ' হয় নেকি পাহি...মই চোৱাই নাই।আজি কলেজত কেইবাটাও ক্লাছ থকাৰ বাবে সময়েই নাপালো।পাছতেই চাম দিয়া।আজি পিছে তুমি বনাই দিয়া পায়স খাই সকলোৱে ভাল পালে জানা।
..তাৰমানে মাজে মাজে তোমাৰ হাতত কেতিয়াবা কিবাকিবি এটা বনাই দি পঠিয়াব লাগিব নহয় জানো।
...নাই অ'...কেতিয়াবা আমাৰ মাজে মাজে এনে খোৱা চলিয়েই থাকে।
হ'ব বাৰু বৌ...তুমি এতিয়া আজৰি হৈ লোৱা।মই তোমালৈ ভাত বাঢ়োগৈ।
পাহি..আজি মোৰ একেবাৰেই খাব মন যোৱা নাই ।কলেজতো ইটো-সিটো খাই পেট ভৰি আছে।মই অলপ ৰেষ্টহে ল'ব বিচাৰিছো।
...ঠিক আছে বৌ..তেনেহ'লে তুমি ৰেষ্টকে লোৱাগৈ।মই এই উপহাৰবোৰ তোমাৰ ৰুমত থৈ আহোগৈ....
সুৰভীয়ে বিচনাত পৰি থাকোতে উপহাৰবোৰলৈ মনত পৰাত উঠি আহি উপহাৰবিলাক চোৱাত লাগিল।চাই থকাৰ মাজতে তাইৰ প্ৰবালৰ উপহাৰটোলৈ চকু পৰি হাতলৈ আনি গিফট পেপাৰখন এৰুৱাব লাগিল।খুলি চাইয়েই তাই কিতাপ এখন পালে আৰু সেই কিতাপখনৰ লগতে তাই সৰু খাম এটা দেখিলে।খামটোৰ ভিতৰত এখন কাগজ দেখি উলিয়াই আনি দেখিলে যে প্ৰবালে লিখা এখন চিঠি......
সুৰভী
জন্মদিনৰ বহু বহু শুভেচ্ছা থাকিল তোমালৈ।আজি তোমাৰ এই সুখৰ মূহূৰ্তত তোমালোকক কাকোৱেই মই অলপ সময় দিব নোৱাৰিলো।তাৰবাবে মই দুঃখিত । ইতিমধ্যে তুমি হয়তু মই দিয়া উপহাৰটি পাইছা।ৰাতিপুৱাই কস্তুৰীৰ হাতত মই তোমালৈ বুলি লৈ থোৱা উপহাৰটি দি আহিছিলো।কাৰণ হাতত মোৰ বহুত কম সময় আছিল।মই বেংগেলুৰুলৈ যাবলৈ ওলাই আহিছো।তুমি যেতিয়ালৈ মোৰ চিঠিখনি পাবা তেতিয়ালৈ মই গৈ থাকিম।চাওঁচোন তাতে কিবা এটা কৰিব পাৰো নেকি।তোমালোকক একো জনাব নাপাই মোৰো খুবেই বেয়া লাগিছে।খুবেই লৰালৰি হ'ল।
সুৰভী পাৰিলে তুমি মোক ক্ষমা কৰি দিবা।সিদিনাৰ কথাবোৰ তুমি মনত লৈ নাথাকিবা।মোৰ ভুল হৈ গৈছিল।
শেষত এটাই কথা কওঁ..তুমি সদায় সুখত থাকা।
প্ৰবাল
সুৰভীয়ে বিশ্বাসেই কৰিব পৰা নাই যে প্ৰবালে এনেকুৱা এটা কৰিব বুলি।তাই কস্তুৰীলে ফোন এটা কৰিব লৈয়ো নকৰিলে।কথাবোৰ ঘৰত পাতিলে ঠিক নহ'ব বুলিয়েই সুৰভীয়ে নকৰিলে।কালিলৈ কলেজতে গৈ কস্তুৰীৰ সৈতে কথাবোৰ পাতিম বুলি মনৰ মাজতে আওঁৰাই থ'লে।
কথাবোৰ ভাবি ভাবি সুৰভীৰ টোপনি নধৰা হৈছে।প্ৰবাল আঁতৰি যোৱাত মোৰ আজি কিয় ইমান বেয়া লাগিছে।কিবা এটা যেন উকা উকা লাগি আহিছে.....সুৰভীয়ে বিচনাখনতে অলপ সময় ইকাটি-সিকাটি কৰি উঠি আহি টেবুলতে থকা জাৰটোৰ পৰা পানী এগিলাচ লৈ খায়।
নাই...মই অনুৰাগৰ বাহিৰে আনৰ কথা মনলৈ আনিব নোৱাৰো।মোৰ অনুৰাগ মোৰ কাষতেই থাকক।তাক দূৰত ৰাখি আনৰ কথা ভাবিব নোৱাৰো......মোৰ কৰিবলগা বহু সপোন আছে।যি সপোন অনুৰাগে কৰিম বুলি ভাবিছিল।মোৰ আজিও মনত আছে.....
অনুৰাগৰ চাকৰিৰ ঠিক ৮ মাহৰ পিছতেই মোৰো সেই একেখন কলেজতে চাকৰিটো হৈছিল।আমি খুব সুখী আছিলো।চাকৰিটোৰ দুবছৰৰ পাছতেই আমি বিয়াত বহিছিলো।তেতিয়াও আমি খুবেই সুখী আছিলো।অনুৰাগৰ ঘৰখনে মোক বৰ মৰমেৰে আকোঁৱালি লৈছিল।ঘৰখনত সদায় হাঁহি -ধেমালিৰে দিনবোৰ পাৰ কৰিছিলো আৰু তাৰ মাজে মাজে গৈ সেই কণ কণ ল'ৰা-ছোৱালীবোৰৰ লগত আমি অলপ সময় কটাইছিলো।সেইদিনাখনো অনুৰাগে দৰমহা পাই মোক লগত গৈ সেই কণ কণ কেইটাৰ বাবে অলপমান খোৱা বস্তু মোক কিনিবলৈ কৈ সি মোক দোকানখনতে এৰি সি কাপোৰ কিনো বুলি ইখন দোকানলৈ বুলি যাওঁতেই ইফালৰ পৰা এখন ট্ৰাকে আহি....অনুৰাগগগগগগগগ........
.............
( আগলৈ)
No comments:
Post a Comment