#দোমোজাৰ মাজত কেইটামান নিশা
✍অত্ৰেয়ী বৰদলৈ
২০১৩ চনৰ জানুৱাৰী মাহ।শীতকালি সময়ৰ নিশাবোৰ এনেও মায়াময় হয়।ঘন কুঁৱলী তথা শীতল মৃদু বতাহজাকৰ বাবে প্ৰায়বোৰ লোকে ঘৰতে সোমাই আৰাম কৰি থাকে।কিন্ত বিভিন্ন কামৰ অজুহাত নতুবা প্ৰাকৃতিক কৰ্মৰ বাবে এনে শীতৰ মাজতো মানুহ বাহিৰলৈ ওলাবলগীয়া হয়।এনে দিনতে আমাৰ ডিগবৈৰ গোলাই অঞ্চলত বহুতো লোকে ঘন ক'লা নোমেৰে আবৃত চুটি-চাপৰ ঠিক ভালুক জাতীয় কিহবাৰ সন্মুখীন হৈছিল বুলি মানুহৰ মুখে মুখে বাগৰি আহি আমাৰ কাণত পৰিছিলহি।বহু লোকৰ মুখৰ আগত হঠাতে এই ৰহস্যময় কিবাবিধ ওলাই আহি দেখা দিয়ে আৰু দেখা লোকে ভয়ত চিঞৰ-বাখৰ কৰিলে তেওঁৰ ওচৰলৈ অন্য কোনোবা আহি পায় মানে সেই ৰহস্যময় কিবাটো নোহোৱা হৈ পৰে।অৱশ্যে কোনো লোকেই আক্ৰমণৰ সন্মুখীন হোৱা নাছিল,মাত্ৰ দেখা দি ভয় খুৱাই আঁতৰি যায়।কেইবাদিনো সন্ধিয়া হোৱাৰ পাছতে নিত্য-নৈমিত্তিক ভাৱে ঘটি থকা এই ঘটনাৰ বাবে অঞ্চলটোৰ ডেকাসকলে পহৰাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিছিল,যাতে কি বস্তৱেনো মানুহক এনেদৰে ভয় খুৱাই আছে তাৰ ৰহস্য উদ্ধাৰ কৰিব পাৰে।কিন্ত সেই অচিন ৰহস্যময় বস্তটো যেন মানুহক ভয় খুৱাই বতাহত মিলি যায়।সেই সময়ছোৱাত সন্ধিয়াৰ পৰা কুকুৰৰ নেৰানেপেৰাকৈ ভুকভুকনি হৈছিল।শুনা কথা,কুকুৰে হেনো এই ভূত-প্ৰেত জাতীয় অশৰীৰি অৱয়ৱৰ উপস্হিতি গম পায় আৰু ভৌউওওওওওওওও কৈ ৰাগ টানি ভুকিবলৈ ধৰে।আৰু সেই সময়ছোৱাত কুকুৰে এনেদৰেই ভুকিছিল।দিনৰ পোহৰত আমাৰ চুবুৰীৰ বা-ভন্তিৰ সৈতে ৰগৰ চলে"কালি আহিছিল বোলে তোমাৰ কাষলৈ নোমাল ভালুক",কিন্ত আন্ধাৰ হৈ অহাৰ লগে লগে অন্ধকাৰৰ গ্ৰাসে আমাকো কিছুপৰিমাণে ভয়ৰ মাজলৈ ঠেলি দিছিল।তেনে দিনতে মা-দেউতা কিবা কামত লখিমপুৰলৈ গ'ল,ভাইটি যোৰহাটত ।ঘৰত বৰমা আৰু মই।গধূলি হোৱাৰ পাছত কুকুৰে ভুকা আৰম্ভ কৰিলেই ভাৱোঁ,ওলাল সেয়া ৰহস্যময় বস্ত।
এনেদৰে প্ৰায় দহ-পোন্ধৰদিন ভয়-দোমোজাৰ মাজত কটোৱাৰ পাছত এদিন আচম্বিতে সন্ধিয়াৰ পৰা কুকুৰৰ ভুকভুকনি বন্ধ হ'ল আৰু কোনোলোকেই তেনে চুটি-চাপৰ বস্তৰ মুখামুখি হোৱাও বন্ধ হ'ল।যিখিনি অঞ্চলত সেই ৰহস্যময় কিহবাই মানুহক ভয় খুৱাইছিল,তাৰ পৰা এঘৰ মানুহ সেই ঠাই এৰি যোৱাৰ পাছতে এই উপদ্ৰৱ বন্ধ হৈছিল।সকলোৱে অনুমান কৰিলে,তেওঁলোকে কিজানি 'বীৰা' পুহিছিল আৰু যোৱাৰ আগতে এৰি দিব বিচাৰিছিল নতুবা যোৱাৰ আগতে মানুহক ভয় খুৱাই ৰং চাইছিল।যিয়েই নহওক,ভয়-দোমোজাৰ দিনবোৰ অন্ত হোৱাত সকলোৱে স্বস্তি লাভ কৰিলে।
No comments:
Post a Comment