#এটি মিঠা সপোন (১৭)
আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙে আলেঙে চাইহে আছে।যদিও তাই সদায় এইখন ঘৰৰে সকলো কাম কৰি আহিছে কিন্ত আজি তাই একো ওৰকে পোৱা নাই।তাৰ মাজতে মাকৰ কাষতে থাকি ইটো-সিটো কৰি অলপ সহায় কৰি দিছে।
মা...
কোৱা সুৰভী...
আজি কিবা বিশেষ দিন আছে নেকি..
নাই...কিয় সুধিলা...
নহয় মানে...আজি ইমান পুৱাৰে পৰাই ইটো-সিটো কামত ব্যস্ত থকা দেখিয়েই সুধিলো মা...
নহয় অ'.. আজি অলপ এফালে ওলাই যাম বাবে এতিয়াৰ পৰাই অলপ কামবোৰ চমু কৰি থৈছো।নহ'লে আমাৰ মাইকী মানুহৰ ক'ৰবালৈ যাম বুলি ক'লে কিমান কাম থাকে।সেইকাৰণে আজি পাহিকো সোনকালে উঠিব কৈ কামত ধৰিলো....
ইচ্....তেনেকৈ জনা হ'লে মইও আজি সোনকালেই উঠি আপোনালোকক অলপ সহায় কৰি দিব পাৰিলো হয় মা...
এই কেইদিন কিনো হৈছে জানো বিচনাখনৰ পৰা উঠি আহিব কিবা মনেই নোযোৱা হৈছে।
তুমি দেখোন সদায়েই সোনকালে ৰাতিপুৱা উঠি সকলোখিনি কৰা।আমালৈ বুলি একো এটাকে নোথোৱা।আজি যেনিবা আমিয়েই কৰিলো।
অ' বৌ...সদায় দেখোন তুমিয়েই কৰি থাকা।আজি আমাকো অলপ সুবিধা দিয়া কৰিবলৈ।নহয় জানো বৌ....সুৰভীয়ে পাহিৰ কথাত মিচিকিয়া হাঁহি এটি মাৰি নিজৰ ৰুমলৈ যায়।
তহঁতৰ ওলাই হৈছেগৈ নে।সোনকালে আজৰি হ'।ইফালে দেৰি হ'বগৈ।মই দেউতাৰৰ ওচৰত থাকিবলৈ সপোন খুড়াকে আৰু খুড়ীকে মাতি পঠাইছো।সিহঁতি আহি পালেই আমি ওলাম ঘৰৰ পৰা...মাকে পাহিহঁতক চিঞৰি কৈ কৈ সুৰভীৰ ৰুমলৈ আহে।
সুৰভী...ওলাইছা নে।
অ' মা ...হ'লেই আৰু।এই কাপোৰযোৰ পিন্ধিলেই আমি যাব পাৰিম।
সুৰভী...এইযোৰ নহয়।তুমি আজি মই দিয়া এইযোৰ কাপোৰ পিন্ধিব লাগিব আৰু লগতে কেঁচা সোণৰ চেটযোৰো পিন্ধিবা।মই তোমালৈ বুলিয়েই লৈ থৈছিলো।কেতিয়াবা বিশেষ মূহূৰ্ত আহিলে তোমাক পিন্ধিব দিম বুলিয়েই লৈ থৈছিলো।আজি পাৰিবা যেতিয়া তোমাক দিলো।
মা...মই বুজা নাই কথাবোৰ।কি বিশেষ মূহূৰ্ত মা...
কিয় সেইদিনাখনেই কোৱা নাছিলো তোমাক ।পাহৰিলা নহয়।কিয় মোৰ যে লগৰ বান্ধৱীজনীৰ ছোৱালীজনীৰ জানো আজি আঙুঠি পিন্ধোৱা নহয় ।তালৈকে বুলিয়েই টো আমিবোৰ ওলাইছো।
অ' বৌ...তুমিও আজিকালি কথাবোৰ বৰকৈ পাহৰিব লৈছা দেই।চাওঁ আহা...মই তোমাক ডিঙিৰ চেটটোৰ লগতে খোপাটো ধুনীয়াকৈ বান্ধি দিওঁ আহা.....পাহিয়ে খৰখেদাকৈ বৌয়েকক উলিয়াই দিয়াত সহায় কৰি দিয়ে।ইফালে মাকে দুৱাৰৰ আঁৰত কোনেও নেদেখাকৈ চকুপানী টুকি দেউতাকৰ শুৱনি কোঠালৈ যায়....
হেৰি...শুনিছে।
অ' তোমালোকৰ ওলাই হ'লগৈ নে আৰু আমাৰ সুৰভীৰ....
পাহিয়ে তাইক উলিয়াই আছে।
হেৰি নহয়।আমাৰ সপোনহঁত বাৰু আহিলে নেকি।
মই ফোন কৰিছিলো অলপ আগতে।সিহঁতি আহি আছে।আপুনি সময় মতে ভাতকেইটা খাই ল'ব।মই সিহঁতক কৈ থৈ যাম।বাকী আপুনি একো চিন্তা নকৰিব।আপুনি মাত্ৰ সুৰভীৰ বাবে ইয়াৰ পৰাই আশীৰ্বাদ জনাব....কথাকেইটা কৈ মাক প্ৰতিভা কান্দোনত ভাগি পৰে।
প্ৰতিভা...তুমি আজি ভাগি পৰিলে কেনেকৈ হ'ব।তুমিয়েইটো আমাৰ কাৰণে সাহস হয়।আজি তুমি আৰু বুকুত সাহস গোটাই এই শুভকামলৈ আগবাঢ়ি যাব লাগিব।নাকান্দিবা...প্ৰতিভা...নাকান্দিবা....দেউতাক প্ৰমোদ বৰুৱাই তেওঁৰ পত্নীৰ মূৰত হাত এখন থৈ আলফুলেৰে মোহাৰি দিয়ে...
সুৰভী আৰু পাহি দুয়োজনী একেলগে ৰুমৰ পৰা ওলাই আহি দেউতাকৰ ওচৰলৈ আহে...
দেউতা...
অ' সুৰভী...তোমালোক ওলালা।
অ' দেউতা...সপোন খুড়াহঁত পালেহি।আমিও যাওঁ।আপুনি সময়ত ভাতকেইটা আৰু দৰৱ খাব দেই।মই খুড়ীক কৈছোৱেই।আমি সোনকালেই উভতিম দেউতা...সুৰভীয়ে কথা কেইটা কৈ দেউতাকৰ পৰা আশীৰ্বাদ এটি লয়।দেউতাক প্ৰমোদ বৰুৱাইও আজি সুৰভীক আশীৰ্বাদ জনাওঁতে তেওঁৰ দুগালে চকুপানী নিগৰি আহে।
দেউতা...আপুনি কান্দিছে যে...
নাই অ'...আজি ইমান দিনৰ পাছত তুমি আনন্দ মনে ওলাই যোৱা দেখিয়েই...
হ'ব হ'ব দেউতা...তোমালোকৰ এই মৰম চেনেহবোৰ চাই থাকিলে ইফালে আমাৰ দেৰি হ'বগৈ...পাহিৰ কথাত মাকহঁতে হাঁহি হাঁহি গৈ গাড়ীত বহেহি....
(আগলৈ)
No comments:
Post a Comment