Thursday, 18 January 2018

লোককৃষ্টি

#লোককৃষ্টি
✍ বেদান্ত বৈশ্য

#ইংৰাজী "Folklore"শব্দটোৰ অসমীয়া পৰিভাষা হল লোককথা বা লোককৃষ্টি। ১৮৪৬ চনত উইলিয়াম জন্ থমচে"Folklore"শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। ১৯৭১ চনত লন্ডনৰ পৰা প্ৰকাশিত"Cassell's Modern Guide to Synonyms &related words" ৰ মতে"It reffers to the common people or peasants of those area's and is based on a class rather than an ethnic destinetion....It can be used to refer to a particular class or group who are thought to carry on the old tradition,espicially in the term country Folk.অৰ্থাৎ "লোককৃষ্টি হল সাধাৰণ মানুহ বা চহা কৃষকৰ কৃষ্টি যিয়ে জাতীয় প্ৰতিনিধিত্ব কৰাতকৈ সেই অঞ্চলটোক প্ৰতিনিধিত্ব কৰে"।আনহাতে জনকৃষ্টি হল-কোনোবা এটা শ্ৰেণী বা গোটে তেওঁলোকৰ অতীজৰে পৰা চলি অহা ভাল পৰম্পৰাক গোট বা শ্ৰেণীটোৰ অতীতৰ নিজস্ৱ চিনাকী হিচাপে জীয়াই ৰাখে।

According to Oxford Advance Learner's Dictionary-"Folklore means the tradition,stories,customs,songs etc of a community or the study of these."অৰ্থাৎ লোককৃষ্টি বা জনকৃষ্টি হ'ল-কোনো এটা সম্প্ৰদায়ৰ পৰম্পৰা,ৰীতি-নীতি,বিশ্বাস,গল্প,সংগীত ইত্যাদি বাএইবিলাকৰ অধ্যয়ন ।এই কথা সকলোৱে জ্ঞাত যে "Folklore"বা লোককৃষ্টিৰ উৎপত্তি অতিতৰ সাধাৰণ মানুহখিনিৰ মাজতেইহৈছিল।কিন্তু যদিও ই সাধাৰণ মানুহৰ মাজত সাধাৰণ মানুহৰ দ্বাৰা সৃষ্টি হৈছিল তথাপিও ইয়াৰ ইতিবাচকসুন্দৰ আৰু ভাল গুণৰ বাবে গুণী,জ্ঞানী মানুহৰ দ্বাৰা সমাদৃত হোৱাৰ লগতে তেওঁলোকৰ মাজতো প্ৰচলিত হৈ এক মৰ্য্যাদা সম্পন্ন গৰিমাৰে বিভুষিত হৈ পৰিছিল। আনহাতে কোনো সম্প্ৰদায় ,গোট বা শ্ৰেণীয়ে তেওঁলোকৰ অতীতৰ সুন্দৰ তথা ভাল কামৰ চাণেকী হিচাপে লোককৃষ্টিক পৰম্পৰাগত ভাৱে এটা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহন কৰি নিজস্ৱ পৰিচয় দাঙি ধৰা দেখা যায়।"Folklore "বা লোককৃষ্টি আৰ্হিত সৃষ্টি কৰা নতুন সৃষ্টিকো Folklore বা জনকৃষ্টিৰেই অন্তৰ্ভুুূক্ত কৰা হয়।

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...