সন্ত্ৰাস
✍লিপিকা দাস
এটি ভগা জুপুৰী
অন্ধকাৰাছন্ন চৌপাশ
কাহ পৰি জীন যোৱা নিস্তব্ধতা...
এনেতে দুৱাৰত ....
এটি দীঘল টোকৰ..!!
ক্ৰমাৎ বাঢ়ি অহা উৎকণ্ঠা
সেপ ঢুকি সোধা এটি প্ৰশ্ন
"বাহিৰত এয়া কোন?"
"মই ।"
"মই কোন?"
"মই ভয়"
"ভয়!!!"
.........জুপুৰীৰ ভিতৰত উষ্ণতা বাঢ়িছে
লগতে বাঢ়িছে উৎকন্ঠা
হৃদপিণ্ড টোৱে বাৰুকৈয়ে ধপধপাইছে
ক্ৰমশঃ......
শেষ প্ৰহৰৰ সংকেত ধ্বনি বাজি উঠিছে
পৰি ৰৈছে এটা নিথৰ দেহ---
এয়া মই ।
চকু দুটা জাপ খোৱা নাই,
সন্ত্ৰষ্ট হৈ পৰি ৰোৱা
উশাহ বিহীন এয়া মই ।
No comments:
Post a Comment