#এটি মিঠা সপোন (১৩)
✍নয়নমনি দত্ত
সুৰভীৰ চিঞৰ শুনি মাক আৰু পাহি ৰুমলৈ সোমাই আহে।
সুৰভী...সুৰভী...কিবা বেয়া সপোন দেখিলা নেকি।
মা..মা..মোৰ অনুৰাগক.....সুৰভীয়ে মাকৰ বুকুৰ মাজত সোমাই কেৱল কান্দিবলৈ লয়।
সুৰভী নাপায় কান্দিব চাওঁ।এই গিলাচ পানী খোৱাচোন.....মাকে সুৰভীৰ চকুৰ চকুপানী দুহাতেৰে মচি পানী গিলাচ খাবলৈ দিয়ে।
মা...মই অনুৰাগক বাদ দি আন একোৱেই ভাবিব নোৱাৰো।আপোনালোকে মোৰ সুখ বিচাৰে নহয় জানো মা...
অ' সুৰভী...
তেনেহ'লে মা..আপোনালোকে মোক মোৰ অনুৰাগৰ সৈতে থাকিবলৈ দিয়ক।মই ইয়াতে সুখী হ'ম মা..
সুৰভী....মই তোমাৰ অনুৰাগৰ প্ৰতি থকা ভালপোৱাক সন্মান কৰোঁ।কিন্ত এই ভালপোৱাই তোমাৰ গোটেই জীৱন অকলশৰে কটোৱাটো সম্ভৱ নহয় সুৰভী।তুমি আজি আৱেগক প্ৰশ্ৰয় দি এনে এটা সিদ্ধান্ত ল'ব ওলাইছা। কিন্ত এই আৱেগে খন্তেকীয়া। তুমি নাভাবিবা জীৱনটো মসৃণ বুলি।বহুতো খলা বমা থাকে।এই খলাবমাৰ মাজত আগবাঢ়িবলৈ হ'লে তোমাক কাৰোবাৰ আশ্ৰয়ৰ হাত সদায় লাগিব....মইয়ো জানো মোৰ ল'ৰাক হেৰুৱা নাই সুৰভী।এগৰাকী মাকৰ বুকুৰ মাজৰ পৰা এটি সন্তান হেৰাই গ'লে সেই অনুভৱ কি...সেই অনুভৱ একমাত্ৰ এগৰাকী মাতৃয়েহে হৃদয়ংগম কৰিব পাৰে......কিন্ত মই সেইবোৰ সকলো পাহৰি আজি তোমালোকৰ বাবেই হাঁহি হাঁহি জীয়াই আছো সুৰভী.....চোৱা... মইতো আজিও সুখী আছো।
তুমি যি ভাল দেখা তাকেই কৰিবা সুৰভী।আমি তোমাক কোনোদিনেই জোৰ নকৰো।তুমি মাত্ৰ সুখী থাকা।
এতিয়া অলপ শুবলৈ চেষ্টা কৰা।আজি পাহি তোমাৰ লগতে শুব।হ'ব....
পাহি...তই আজি সুৰভীৰ লগতে শু।কিবা দৰকাৰ হ'লে মোক মাতি দিবি। মইও দেউতাৰাক চাই শুব লওঁগৈ...মাকে ৰুমৰ দুৱাৰখন জপাই থৈ যায়গৈ।
..........
সুৰভীয়ে বিচনাখনতে ইকাটি-সিকাটি কৰি টোপনি নধৰাত পাহিক মাত দিয়ে...
পাহি...
হু ....
টোপনি গ'লা নেকি....
নাই বৌ।কিবা লাগে নেকি বৌ।
নাই অ'...টোপনিকে নাই ধৰা দেখোন।
মোৰো টোপনি অহা নাই বৌ....
বৌ...তোমাক কথা এটা কওঁ...
মমম...কোৱা পাহি...
বৌ তুমি প্ৰবালক তোমাৰ সন্মতি জনাই দিয়া।
পাহি...তুমি এইবোৰ কি কৈছা....
মই জানো বৌ।দিনত যেতিয়া তোমাৰ সেই উপহাৰবোৰ চাই থকাৰ মাজতে মই প্ৰবালে তোমালৈ দিয়া চিঠিখন পাইছিলো।মই তেতিয়াই সকলো বুজিছিলো।কিন্ত মই তোমাৰ আগত প্ৰকাশ কৰা নাছিলো।
প্ৰবাল বহুতেই ভাল ল'ৰা বৌ।দাদাৰ লগতেই যি প্ৰথম চিনাকী কৰাই দিছিল আৰু সেই চিনাকী সি আজিও তোমাক সন্মানেৰে দি আছে।সি কোনোদিনেই ভুল সিদ্ধান্ত নলয় বৌ।তাক মইও ভালদৰে বুজি পাওঁ বৌ আৰু তেওঁলোকৰ ঘৰখনেও তোমাক বৰ মৰমেৰে আকোঁৱালিব।মোৰ সম্পূৰ্ণ বিশ্বাস বৌ....
পাহি....প্ৰবাল যদি সচাঁই ভাল তেনেহ'লে সি কিয় তাৰ এটা সুন্দৰ ভৱিষ্যত এৰি আন এখন ঠাইলৈ গুচি গ'ল।
বৌ...হয়তু সি তোমাক সচাঁই ভাল পায় বাবেই....
আনদিনাৰ দৰে আজিও সুৰভী সোনকালেই কলেজ গৈ পালেগৈ।কিন্ত আজিৰ সুৰভীয়ে কলেজত একেবাৰেই মন বহাব পৰা নাই।কিবা যেন উকা উকা লাগিছে ।সুৰভীয়ে উঠি গৈ ক্লাছৰ ৰুটিনখন চাবলৈ বুলি বাহিৰলৈ আহিল.....
প্ৰবালৰ ক্লাছটো কোনোবা নতুন এগৰাকী আহিছে.....সাগৰিকা শইকীয়া।
নাই...এবাৰ পিন্সিপাল বাইদেউক কথাষাৰ সুধি নিশ্চিত হৈ লওঁ.....সুৰভীয়ে পিন্সিপালৰ ৰুমলৈ বুলি আগবাঢ়ে।
বাইদেউ সোমাব পাৰো....
অ' সুৰভী আহা আহা.... বহা।ভাল তোমাৰ।
মোৰ ভালেই বাইদেউ।
কোৱা কিবা ক'ব লগা আছিল তোমাৰ।
সুৰভীয়ে পোনে পোনে প্ৰবালৰ কথাই সুধিলে.....
বাইদেউ...শুনিছো প্ৰবালে চাকৰি ৰিজাইন দিছে।
হয় সুৰভী।প্ৰবালে দুদিনৰ আগত এই চাকৰি ৰিজাইন দিছে।কিয় সি এই সিদ্ধান্ত ল'লে নাজানিলো।তাক মই যেনেকৈ পাৰো বুজালো।কিন্ত সি সন্মত নহ'ল জানা সুৰভী।বহুতেই অমায়িক ল'ৰা আছিল প্ৰবাল।ক্লাছৰ পৰা কোনোদিনেই কমপ্লেইন অহা নাছিল।যিকোনো কথাই সি গুৰত্ব সহকাৰে লৈছিল।কিন্ত এইবাৰ তাৰ কি হ'ল একো বুজি পোৱা নাই।তথাপিও তাৰবাবে এই কলেজৰ দুৱাৰ সদায় খোলা থাকিব।যেতিয়াই সি বিচাৰে তেতিয়াই প্ৰবালে আহি ইয়াত পুনৰ জইন কৰিব পাৰিব.....কথাবোৰ শুনি সুৰভীৰ অজান শোক এটাই আহি বুকুত খুন্দা মাৰিলেহি।
(আগলৈ)
No comments:
Post a Comment