#এটি মিঠা সপোন (১১)
✍নয়নমনি দত্ত
কলেজৰ পৰা আহি সুৰভীৰ মনটো অলপ বেয়া লাগি আছে।কলেজত হোৱা কথাবোৰ ভাবি ভাবি তাই মনটোক বুজনি দিও একো কৰিব পৰা নাই আৰু তাৰ মাজে মাজে প্ৰবালে মনৰ মাজতে ভুমুকি মাৰি বাৰে বাৰে আমনি কৰিছেহি...আজি প্ৰবালে এবাৰো সুৰভীলৈ নাচাই পোনে পোনে পিন্সিপালৰ ৰুম পাইছিলগৈ।কোনোদিনেই তেনে ব্যৱহাৰ নকৰা ল'ৰাটোৱে আজি কিয় বা তেনেকৈ....নাই নাই...সি বৰ লৰালৰিত আছিল হয়তু।সেইবাবেই মোক দেখা নাপাই নামাতিলে চাগে.....বিচনাখনতে পৰি সুৰভীয়ে ওপৰত ঘুৰি থকা ফেনখনলৈ চাই দিনৰ কথাবোৰকে ভাবি থাকে।
ৰাতিপুৱাই শুই উঠি বিচনাখনৰ কাষতে থকা টেবুলখনতে সুৰভীয়ে এটা গিফটৰ পেকেট দেখা পালে।কিনো বুলি তাই পেকেটো হাতত লৈ পেকেটোত লাগি থকা কাৰ্ডখনত সুৰভীৰ নামৰ তলতে এশাৰী বাক্য ধুনীয়াকৈ লিখি থোৱা আছিল ....জন্মদিনৰ বহু বহু শুভেচ্ছা থাকিল আৰু তলত মা,দেউতা আৰু পাহিৰ নাম।সুৰভীৰ ৰাতিপুৱাই মনটো ভাল লাগি গ'ল।তাই দুৱাৰ খুলি ওলাই যাবলৈ লওঁতেই ইফালৰ পৰা মাক আৰু পাহিয়ে আহি মিঠাই এটি সুৰভীৰ মুখতে গুজি দিয়েহি।সুৰভীৰ আনন্দতে চকুৰ কোণ সেমেকি আহিছিল।
মা,পাহি আপোনালোকৰ মোৰ জন্মদিনটিৰ কথা আজিও মনত আছে।
অ' কিয় নাথাকিব।তুমি জানো এইখন ঘৰৰ সদস্য নহয়।তুমি আজি সুখী নে।
অ' মা...মই বহুতেই সুখী....এইবুলি কৈ সুৰভীয়ে মাকক সজোৰে সাৱটি লয়।
মমমম....যোৱা....দেউতাৰা তোমাৰ বাবে ৰৈ আছে।
সুৰভী দেউতাকৰ ৰুমলৈ গৈ সেৱা এটি জনালে আৰু দেউতাকেও সুৰভীক জন্মদিনৰ শুভেচ্ছা জনাই আশীৰ্বাদ দিয়ে....সুৰভী....তুমি সদায় সুখেৰে থাকা।এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।যোৱা....তোমাৰ কলেজলৈ যাবলৈ দেৰি হ'ব আৰু আজি কলেজলৈ পাৰিলে কিবা এটা লৈ যাবা...
হ'ব দেউতা....আপুনি এতিয়া অলপ শুই থাকক....সুৰভীয়ে দেউতাকৰ মূৰৰ গাৰুটো ভালদৰে দি যায়গৈ।
হেৰা শুনিছা....
অ' কওঁকচোন....
আজি সুৰভীয়ে যি খাই ভাল পায় তাকে বনাবা।পাৰিলে কলেজৰ ষ্টাফলৈও কিবা এটা বনাই সুৰভীৰ হাতত দি পঠাবা।তাই ভাল পাব।যোৱা সোনকালে ৰন্ধা বঢ়াবোৰ কৰাগৈ।নহ'লে সুৰভীৰ দেৰিয়েই হ'বগৈ.....দেউতাকে কথাবোৰ লাহে লাহে কৈ চকুকেইটা মুদি দিয়ে।
আজিও ঘৰখনে সুৰভীৰ জন্মদিনটিৰ কথা মনত ৰাখি আহিছে।এই ঘৰখনলৈ অহাৰ দিন ধৰি সুৰভীৰ জন্মদিনটি পালন কৰি আহিছে।অনুৰাগ থাকোতেও কিমান যে স্ফূৰ্তি কৰিছিল।সেইদিনটোত অনুৰাগেহে কিবাকিবি স্পেচিয়েল বনাই ঘৰৰ সকলোকে খুৱাই আনন্দ দিছিল আৰু সুৰভীক দুদিনৰ আগৰ পৰাই তাইক কি লাগিব নালাগিব তাক লৈ সুৰভীক ব্যতিব্যস্ত কৰি তুলিছিল।একো নালাগে বুলি ক'লেও সি তাইক জোৰেৰে হ'লেও কিবা এটা লোৱাইহে এৰিছিল.....কথাবোৰ ভাবি ভাবি সুৰভীৰ আপোনা আপুনি হাঁহি উঠি আহিল।সুৰভীয়ে বেৰৰ ঘড়ীটোলৈ চোৱাতহে তাই লৰালৰিকৈ খাবলৈ বুলি পাকঘৰলৈ গ'ল।
অ' মা....মই যাওঁৱেই নেকি।আজি দেৰিয়েই হ'ল।আঠ বাজিলেই। ন বজাতে ক্লাছ এটা আছে।ইয়াতে দেৰি হ'লে মই মোৰ ক্লাছ নাপামগৈ।
নাই নাই সুৰভী....আজি তুমি একো নোখোৱাকৈ যাব নোৱাৰা।অন্য দিনৰ কথা বেলেগ আৰু আজি দিনটোৰ কথাও বেলেগ।এয়া লুচি ভাজি আৰু অলপ পায়স পাহিয়ে বনাইছিল।তাকে অলপ খাই যোৱা।
পাহি....তই সুৰভীক লগত দি পঠাবলৈ পায়স আৰু মিঠাইখিনি ঠিক কৰিলি নে।চাবি কিন্ত একো থাকি নাযায় যেন।
অ' মা...মই সকলোখিনি যোগাৰ কৰি থৈছো।বৌয়ে মাত্ৰ লৈ গ'লেই হ'ল।
অ' মা....এইবোৰ কিয় আপোনালোকে কষ্ট কৰিছে।
একো কষ্ট নাই হোৱা আমাৰ।লৈ যোৱা।নহ'লে দেউতাৰাই মনতে খুব দুখ পাব।
হ'ব মা....মই এতিয়া যাওঁ.....পাহিয়ে সুৰভীক বস্তুকেইটা দি গেটখনৰ লৈকে আগবঢ়াই থৈ আহেগৈ।
কলেজ পাইয়েই সুৰভীয়ে নিজৰ ক্লাছটো কৰি ষ্টাফ ৰুমলৈ আহিয়েই ষ্টাফৰ সকলোৱে তাইক জন্মদিনৰ শুভেচ্ছা জনালে আৰু কোনো কোনোৱে তাইক উপহাৰো যাচিলে।সেই উপহাৰৰ মাজতে প্ৰবালৰো এটি ক্ষুদ্ৰ উপহাৰ আছিল।সুৰভীয়ে সেই উপহাৰটি পাছত চাম বুলি তাই সকলোখিনি উপহাৰ চাইড কৰি থৈ ঘৰৰ পৰা মাকে দি পঠিওৱা পায়স আৰু মিঠাই সকলোকে চাহৰ সৈতে খাবলৈ সুৰভীয়ে দি যায়।
সুৰভীয়ে সকলোকে খোৱাৰ যোগাৰ ধৰি থকাৰ মাজতে প্ৰবালক নেদেখি তাইৰ চিন্তা হ'বলৈ ধৰিলে।তাই কোনেও নেদেখাকৈ এবাৰ তাক বাহিৰতে দেখা পায়েই নেকি ভাবি সুৰভী বাহিৰলৈ ওলাই আহে।
(আগলৈ)
No comments:
Post a Comment