Monday, 29 January 2018

পুৰণি সমাজ জীৱনত 'বধকাব্য'ৰ ভূমিকা

#পুৰণি সমাজ জীৱনত 'বধকাব্য'ৰ ভূমিকা
✍অত্ৰেয়ী বৰদলৈ
        বৰ্তমানৰ বিশ্বায়ন যুগৰ পূৰ্বৱৰ্তী সময়ছোৱা আছিল গাঁৱৰ জীৱন।সামাজিক ৰীতি-নীতি, সংস্কৃতি, ধৰ্মীয় পৰম্পৰাক খামুচি ধৰি পুৰণি সমাজখনৰ লোক-জীৱন পৰিচালিত হৈছিল।কৃষি-কৰ্ম, পুৰণি সংস্কাৰকে খামুচি ধৰি থকা সৰল গাঁৱৰ জীৱনত স্বাভাৱিকতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ভাৰতীয় ধ্ৰুপদী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সম্পদ 'ৰামায়ণ','মহাভাৰত'ৰ আখ্যান-উপাখ্যানসমূহে।ৰামায়ণ, মহাভাৰতৰ দৰে 'বধকাব্য'নামৰ এক শ্ৰেণীৰ বৈষ্ণৱ যুগৰ কাব্য‌ইও সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
        বৈষ্ণৱ যুগৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক এগৰাকী কবি ৰাম সৰস্বতী।মহামুনি ব্যাসদেৱ ৰচিত সংস্কৃত 'মহাভাৰত'ৰ কেইবাটাও পৰ্ব অসমীয়া ভাষালৈ অনুবাদ কৰা হেতুকে অসমীয়া সাহিত্য জগতত তেওঁ "অসমীয়া ব্যাস" ৰূপে খ্যাত।এইজনা কবিৰে সৃষ্টি 'বধকাব্য' নামৰ কাব্য; যি কাব্যত প্ৰতিফলিত হৈছে কবিৰ সময়ৰ অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবি।
        বধকাব্যসমূহৰ বিষয়বস্তু মহাভাৰত, পুৰাণ আদি গ্ৰন্থৰ পৰা সংগৃহীত হোৱা হেতুকে আখ্যানসমূহো পৌৰাণিক।পুৰাতন ৰীতি-নীতি, সংস্কাৰ, ধ্যান-ধাৰণা, বিশ্বাস, আদৰ্শকে আঁকোৱালি ধৰি ৰাখিব বিচৰা পুৰণি গাঁৱৰ সমাজখনত ৰামায়ণ, মহাভাৰত, পুৰাণ আদি গ্ৰন্থসমূহৰ পৌৰাণিক আখ্যানসমূহৰ প্ৰভাৱ অপৰিসীম।সেইবাবে বাল্মিকী ৰচিত 'ৰামায়ণ'ৰ অসমীয়া অনুবাদত অপ্ৰমাদী কবি মাধৱ কন্দলিয়ে যিদৰে অসমৰ চিত্ৰখন পৰিস্ফূট কৰি তুলিছিল,সেইদৰে 'মহাভাৰত','পুৰাণ'ৰ সাৰ সংগ্ৰহ কৰি ৰচনা কৰা 'বধকাব্য'সমূহতো পুৰণি অসমৰ সামাজিক ছবিখন প্ৰকাশ হৈছে।ইয়ে এই কাব্যসমূহ পুৰণি হ'লেও নতুনৰ দৰে সৰ্বদা আকৰ্ষণ কৰি আহিছে লোক-জীৱনত।ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নিহিত হৈ থাকিলেও ঘাইকৈ জনসাধাৰণক আকৃষ্ট কৰিবৰ বাবে বধকাব্যসমূহ সৃষ্টি হোৱা হেতুকে লোক-জীৱনৰ সাধাৰণ জীৱন-শৈলী, গ্ৰাম্য জীৱনৰ চিনাকি দিশ,মনোমোহা অসমৰ প্ৰকৃতিৰ প্ৰতিচ্ছবি পোৱা যায়।মূল বিষয়বস্তুৰ সৈতে ৰজিতা খুৱাই প্ৰাকৃতিক-অপ্ৰাকৃতিক,লৌকিক-অলৌকিক, বাস্তৱ-কল্পনামিশ্ৰিত অনেক সৰু-বৰ ঘটনাই শিশুৰ দৰে সৰল গাঁৱৰ জীৱনে সহজে বিশ্বাস কৰে।
        'বধকাব্য' বিষয়ক লৈ ড° বাণীকান্ত কাকতি,ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱে প্ৰবন্ধ লেখি থৈ গৈছে।দুয়োজনাৰ লেখনিত অসমৰ জনজীৱনত 'বধকাব্য'ৰ কাহিনীয়ে পেলোৱা প্ৰভাৱ প্ৰকাশ পাইছে।সাধাৰণ মানৱ(বন্ধুহীন) পাণ্ডৱসকলৰ বিপদৰ শেষ সাৰথি ভগৱান শ্ৰীকৃষ্ণ।প্ৰতি ক্ষণতে প্ৰতি বিপদতে শেষ অৱলম্বন কেৱল শ্ৰীকৃষ্ণত একান্ত শৰণ।কাব্যৰ আখ্যানসমূহৰ এই বাণী তথা নীতি গাঁৱৰ দৰিদ্ৰ সমাজখনৰ বাবে আছিল আদৰ্শ-প্ৰেৰণা।ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ লেখনিৰ আঁত ধৰি ক'ব পাৰি;ৰামায়ণ, মহাভাৰত নতুবা বধকাব্য যি ভাষাতেই কবিয়ে পদ ৰচনা নকৰক,তাৰ ওপৰত নিজস্ব জাতীয় ভাষাৰ ভাৱধাৰা,চিন্তা-কল্পনাৰ প্ৰভাৱ পৰাটো স্বাভাৱিক।সেইবাবে প্ৰচলিত প্ৰবাদ-পটন্তৰ বধকাব্যত বিৰাজমান।গাঁৱৰ লোক-জীৱনত বধকাব্যসমূহৰ জনপ্ৰিয়তাৰ ই এক কাৰণ।তদুপৰি অসমৰ প্ৰকৃতি জগতৰ মনোৰম বৰ্ণনা, অসমীয়া জীৱনৰ বিশ্বাস, জনশ্ৰুতি আদিৰ উল্লেখে বধকাব্যসমূহে গাঁৱলীয়া জীৱনক মুগ্ধ কৰিছে।

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...