Wednesday, 17 January 2018

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে কিছু কথা

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত । তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দূৰ্ভাগ্যজনক ভাবে মৃত্যুক আকোৱালি লোৱা , মাথো ৪৮ বছৰীয়া জীৱনকালছোৱাতে আগৰৱালা দেবে অসমীয়া জাতিৰ বাবে দি গৈছে অনবদ্য অৱদান । তেখেতৰ অৱদান সম্পৰ্কে এটি চমু বিৱৰণ তলত উল্লেখ কৰা হ'ল-----

 #নাটঃ---১।শোণিত কুঁৱৰী -- ১৯২৬ চন।২। কাৰেঙৰ লিগিৰী -- ১৯৩৭ চন ।৩। লভিতা -- ১৯০৮ চন।৪। ৰূপালীম--- ১৯৬০ চন।৫।নিমাতী কইনা -- ১৯৬৪ চন (শিশু নাটিকা) ।৬।সোনপখিলী -- ১৯৬৪ চন (শিশু নাটিকা) ।৭।খনিকৰ-- ১৯৭৭ চন ।৮। কনকলতা ।৯। সুন্দৰ কোঁৱৰ ।

#গল্পঃ --
ৰূপহী , বগীতৰা , সোণতৰা , সোণটিৰ অভিমান , যুঁজাৰু , সতীৰ সোঁৱৰণি , সন্ধ্যা , শিলাকুটি , নীলাচৰাই ,উপন্যাসঃ --- আমাৰ গাওঁ ,

#কবিতা পুথিঃ--
 লুইতৰ পাৰৰ অগ্নিসুৰ , জ্যোতি ৰামায়ন ।শিশু উপযোগী কবিতাঃ-- প্রায় ১৩ টামান ।উল্লেখযোগ্য -- কুম্পুৰ সপোন ।অন্যান্য গ্রন্থঃ-- জ্যোতিধাৰা , চন্দ্রকুমাৰ আগৰৱালা ।

#জ্যোতি সংগীতঃ-- ৩০০ গীত ৰচনা কৰি গৈছে । যিসমূহ জ্যোতিসংগীত বুলি খ্যাত।

#চলচিত্রঃ--
১।জয়মতী --- ১৯৩৫ চন ।২। ইন্দ্রমালতী -- ১৯৩৯ চন।

অসমীয়া সমাজখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মহান শিল্পী গৰাকীৰ পূণ্য তিথিত সেয়ে তেখেতলৈ আমাৰ গোটৰ তৰফৰ পৰা শতকৌটি প্ৰণাম ।

✍লিপিকা দাস

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...