লেডী টাৰ্জান /যমুনা টডু------------–---------
বন মাফিয়া ,চোৰাং চিকাৰীৰ বাবে সাইলাখ যমদূতৰ ৰূপত অৱতীৰ্ণ হৈছে যমুনা টডু নামৰ এই গৰাকী মহিলা । সেয়া অন্য এক অনুপম কাহিনী---উৰিষ্যাৰ ছোৱালী যমুনা এদিন বিবাহ পাশত আবদ্ধ হৈ ঝাৰখন্ডৰ মটুৰখাম ( ইষ্ট সিংভূম)গাঁৱৰ বাসিন্দা হিচাবে থাকিবলৈ লৈছিলহি ,আজিৰ পৰা বিশ বছৰৰ পূৰ্বে -- ন,বোৱাৰী হৈ আহিবৰে পৰাই যমুনাই লক্ষ্য কৰিলে যে তেওঁলোকে বাস কৰি থকা গাঁৱৰ নাতি দূৰত থকা বৃহদাকাৰ অৰণ্য খনত এক শ্ৰেণীৰ লোকে অবৈধ ভাৱে চৰকাৰৰ অলক্ষিতে দিনে নিশাই বন ধ্বংস কাৰ্য্যত লিপ্ত হৈছে ,যমুনাই এই কথা মুঠেও সহ্য নকৰিলে। তাই মনে মনে দৃঢ় হ'ল ,যি কোনো উপায়ে তেঁও ইয়াক প্ৰতি ৰোধ কৰিব ,,,,,,,,,,ভৱা মতেই কাম ,যমুনাই অকলেই বন দস্যুৰ মুখা -মুখি হ'ল ,,গাঁৱৰ আৰু চাৰি গৰাকী মহিলাকো যমুনাই বুজাই -বঢ়াই নিজৰ ফলীয়া কৰি গঠন কৰিলে বন সুৰক্ষা সমিতি । দিনক দিনে বন মাফিয়া, চোৰাং চিকাৰীৰ বিৰুদ্ধে যমুনাই প্ৰতিৰোধ তীব্ৰত্বৰ কৰি তুলিলে,,.. যমুনালৈ আহিল প্ৰাণৰ ভাবুকি ,,,এগৰাকী সাধাৰণ গাঁৱৰ মহিলা যমুনাৰ সাহস বুদ্ধি মত্তাৰ কাহিনীয়ে দেশ ,বিদেশৰ পৰা জাউৰিয়ে জাউৰিয়েআদৰ ,সন্মান বুটলিলে,,,২০১৩ ত ফিলিপ ব্ৰেভাৰী এৱাৰ্ড ,২০১৪ ত শ্ৰী শ্ৰী শক্তি এৱাৰ্ড ,আৰু ২০১৬ত ৰাষ্ট্ৰপতিৰ সন্মান ----সম্প্ৰতি বন সুৰক্ষাৰ বাবে যমুনাই গঢ়ি তুলিছে বিশাল বাহিনী--Indian Express কাকতে লেখিছে এইদৰে---Jamuna Todu has more than 300 such groups with around 30 people in each group workingin the whole area to save the forest land from the mafia ,.....
✍ বিৰিঞ্চি কুমাৰ ডেকা
No comments:
Post a Comment