Saturday, 27 January 2018

এটি মিঠা সপোন(৮)

#এটি মিঠা সপোন  (৮)
✍নয়নমনি দত্ত

  প্ৰবালে সুৰভীৰ হাতখন ধৰাৰ লগে লগে তাইক প্ৰথম বাৰলৈ কিবা অজান শিহৰণ এটাই চুই গ'ল।তাই কিয় আজি যাব খুজিও আগলৈ যাব পৰা নাই ।যেন তাইৰ ভৰি দুখন কিহবাই মেৰিয়াইহে থৈছে । তাই যেন তাৰ প্ৰতি কিবা এটা অনুভৱ কৰিলে.....নাই মই এইবোৰ কেতিয়াও ভাবিব নোৱাৰো....সুৰভীয়ে প্ৰবালৰ হাতৰ মুঠিৰ পৰা তালৈ নোচোৱাকৈয়ে তাইৰ হাতখন এৰুৱাব বিচাৰিলে।
 সুৰভী প্লিজ,এবাৰ মোৰ কথা শুনি যোৱা।মাত্ৰ এবাৰ....
সুৰভীয়ে প্ৰবালৰ কথাত ওচৰতে থকা চকীখনতে খন্তেকৰ বাবে বহেহি।
কোৱা প্ৰবাল তোমাৰ কি কথা আছে....
সুৰভী মই জানো তুমি মোক সদায় বন্ধু হিচাপেই ভাবি আহিছা আৰু সেই হিচাপে তুমি এজন ভাল বন্ধুৰ হাতত তুমি তোমাৰ ভগ্নীসম ননদ পাহিক মোৰ হাতত দিবলৈ বিচাৰিছা।ইয়াত তোমাৰ কোনো দুখ নাই সুৰভী।আচলতে মই তোমাক বহুদিনৰ পৰাই কথা এটি ক'ম বুলি ভাবি আছিলো।তুমি কি ভাবা নাজানো।হয়তু তুমি এই কথা শুনাৰ পাছত মোৰ লগত কোনো সম্পৰ্কই ৰাখিব নিবিচাৰিবা।তথাপিও মই তোমাক কোনো দিনেই বেয়া নাপাওঁ।
  যোৱাকালি তুমি তোমাৰ ননদ পাহিক মোলৈ দিয়াৰ কথা ভবাৰ পাছত মই তোমাক কি কম একো ভাবি পোৱা নাছিলো।ঘৰলৈ গৈ মই কোনো কথাতে মন বহাব পৰা নাছিলো।আৰু আজি কলেজলৈ আহিও তোমাৰ পৰা আঁতৰি আছিলো।কিজানি তুমি যোৱাকালিৰ কথাবোৰ পুনৰ উলিওৱা বুলি..........মই আচলতে সুৰভী..... তোমাৰ ননদ পাহিক নহয় তোমাকহে নিজৰ কৰি ল'ব বিচাৰো.....প্ৰবালে সুৰভীৰ হাত দুখনৰ ওপৰত তাৰ হাত দুখন থৈ কথাবোৰ কৈ যায়।  
  ......এয়া তুমি কি কৈছা প্ৰবাল।তুমি ঠিকেই আছাতো।তোমাৰ যদি পাহিৰ প্ৰস্তাৱত সন্মত নাই তেনেহ'লে তুমি মোক কালিয়েই ক'ব পাৰিলা হয় আৰু আজি তুমি এইবোৰ কি কৈছা।মোৰ সকলো কথা জনাৰ পিছতো তুমি....
 অ.. মই জানো তুমি তোমাৰ কপালৰ সেন্দুৰ বহু বছৰ আগতেই হেৰুৱাই পেলাইছা।কিন্ত এইটো নাভাবিবা যে মই তোমাৰ পৰা কিবা সুবিধা ল'ব বিচাৰিছো বুলি।মই তোমাক কেৱল ভাল পাওঁ সুৰভী।সচাঁই ভাল পাওঁ।তুমি মাত্ৰ এবাৰ সন্মতি দিয়া।
 চোৱা প্ৰবাল...মই তোমাৰ ভালপোৱা সন্মান জনাইছো।কিন্ত মোৰ বাবে এইটো সম্ভৱ নহয় ।আজি তুমি আৱেগিক হৈ এনে এটা সিদ্ধান্তলৈ আগবাঢ়িছা।কিন্ত তুমি আৰু মই যিখন সমাজত থাকো এই সমাজে তোমাৰ আৰু মোৰ সম্পৰ্কক কেতিয়াও গ্ৰহণ নকৰে।সেইবাবে তুমি তোমাৰ সিদ্ধান্ত সলাব লাগিব।মোৰ বাবে তুমি তোমাৰ জীৱন শেষ নকৰিবা আৰু তোমাৰ মা-দেউতাৰ সমাজত এটা নাম আছে।তেওঁলোকৰ সেই সন্মান কেতিয়াও শেষ হ'বলৈ নিদিবা।মোক ভুল নুবুজিবা প্ৰবাল।মই মোৰ এই জীৱনটো লৈয়েই বহুত সুখী।অনুৰাগ যদিও মোৰ জীৱনত নাই তথাপিও মোৰ
 মা-দেউতা আৰু ভগ্নীসম মোৰ ননদ জনীৰ সৈতে মই সদায়েই সুখী।এতিয়া তেওঁলোকেই মোৰ সকলো।যদিও আজি আমাৰ মাজত অনুৰাগ নাই মোৰ এই ঘৰখনে কোনোদিনেই মোক এই কথা উপলব্ধি হ'বলৈ দিয়া নাই ।মোক মোৰ মাজতেই থাকিবলৈ দিয়া প্ৰবাল...

 সুৰভী মই তোমাক এনেদৰে থকাতো নিবিচাৰো।আৰু তুমি কোনখন সমাজৰ কথা কৈছা।সেইখন সমাজ যিখন সমাজে কেৱল পদে পদে লাঞ্ছনাহে দিব খোজে। তোমাৰ দৰে নাৰীক কোনেও এইটো নকয় যে এবাৰ নিজৰ জীৱনটোৰ পৰা আতঁৰি সৌ শুকুলা ডাৱৰৰ সৈতে লুকাভাকু খেলা আকাশখন চুই চাব শিকা.....এবাৰলৈও তোমাৰ দৰে নাৰীৰ মনৰ বুজ নলয়...... আৰু তুমি এইখন সমাজৰ বাবে তোমাৰ সপোনবোৰ ভাঙি শেষ হৈ যাবলৈ দিবা।এইয়াই তোমাৰ কি মহানতা........কথাবোৰ কৈ যাওঁতে প্ৰবালে সুৰভীৰ চকুত চকুপানী দেখি খন্তেকৰ বাবে ৰৈ যায়।
  অজানিতে হয়তু মই তোমাৰ মনত বহুত দুখ দিলো।তাৰ বাবে মোক ক্ষমা কৰি দিবা।পাৰিলে মই কোৱা কথাষাৰ এবাৰ ভাবি চাবা সুৰভী.....প্ৰবালে কথাখিনি কৈ সুৰভীক কেন্টিনতে এৰি থৈ খৰখেদাকৈ ওলাই আহে।
 সুৰভী কেন্টিনত কিমান সময় ধৰি বহি থাকিল তাই গমেই নাপালে।কেন্টিনত থকা ল'ৰাটোৰ মাততহে তাই  বাহিৰলৈ ওলাই আহে।

দেউতা.....
অ সুৰভী....আহি পালাহি।
অলপ আগতেই পালোহি দেউতা।
কিবা ক'বা সুৰভী....
নাই দেউতা.....একো কথা নাই ।আপোনাৰ ওচৰত এনেই বহো বুলিয়েই আহিলো।আপুনি কিবা খালেনে...
অলপ আগতে মাৰাই চাহ অলপকে খুৱাই থৈ গৈছে।তুমি কিবা এটা খালানে সুৰভী.....
অ দেউতা।
........
সুৰভী....নোখোৱাকৈ থাকিলে জানো কিবা এটা সিদ্ধান্ত ওলাব।তুমি যি সিদ্ধান্ত লোৱা আমি তাতেই সুখী হ'ম সুৰভী।কথাবোৰ এবাৰ নতুনকৈ ভাবি চাবা।যোৱা এতিয়া ভাত কেইটা খাই লোৱাগৈ......সুৰভীয়ে কিছু সময় নীৰৱে থকা দেখি দেউতাকে পুনৰ মাত দিয়ে......সুৰভী মই তোমাৰ দেউতাৰা হওঁ।ইমান দিনে তোমাক বুজি আহিছো আৰু আজি তোমাৰ মনৰ অৱস্থা কি সেইটোও মই বুজি পাইছো সুৰভী।মোক তুমি একো ক'ব নালাগে.....যোৱা....যাওঁতে খিৰিকীখন জপাই যাবা সুৰভী।
  সুৰভীয়ে দেউতাকৰ ৰুমৰ খিৰিকীখন জপাই থৈ যায়গৈ।

(আগলৈ)

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...