Saturday, 27 January 2018

এটি মিঠা সপোন(১৪)

#এটি মিঠা সপোন  (১৪)
✍নয়নমনি দত্ত

 তাৰমানে সেইদিনা প্ৰবালে লৰালৰিকৈ পিন্সিপালৰ ৰুমলৈ আহি ৰিজাইন দিবলৈকে আহিছিল আৰু মোক এবাৰো গম পাবলৈ নিদিলে.....কথাবোৰ ভাবি ভাবি সুৰভী ষ্টাফ ৰুমলৈ আহি কস্তুৰীক দেখা নাপাই সুৰভী ক্লাছ কৰিবলৈ ওলাই গ'ল।
  সুৰভীয়ে আজি ক্লাছতো মন বহাব পৰা নাই।তাই যেন বাৰে বাৰে প্ৰবালকে দেখিছে এনে অনুভৱ কৰিলে।যেনেতেনে ক্লাছটো শেষ কৰি সুৰভী ঘৰলৈকে গুচি আহিলে।ঘৰতো তাইৰ সেই একেই অৱস্থা।তাই কি কৰো কি নকৰোকে ভাবি কস্তুৰীকে সকলোবোৰ কথা সুধিব লাগিব বুলি মনতে ভাবি কস্তুৰীলৈ ফোন লগালে.....

হেল্ল'...
 কস্তুৰী...
অ' সুৰভী... কি খবৰ কোৱা।
ঠিকেই।তুমি যে আজি কলেজ নাহিলা।কিবা গা বেয়া নেকি তোমাৰ।
নাই অ'...আজি এফালে যোৱাৰ কথা আছিল বাবেই যোৱাকালিয়েই পিন্সিপাল বাইদেউক কৈ ছুটি লৈ থৈছিলো।
অ' মই জনাই নাছিলো।পিছে কালিলৈ কলেজ আহিবানে।
মমম...যাম।সুৰভী...সকলো ঠিকেই আছেনে...
কস্তুৰী মোৰ তোমাৰ লগত অলপ কথা আছিল।কালিলৈ কলেজৰ পাছত তোমাক অলপ লগ পাব বিচাৰো।
ঠিক আছে সুৰভী।কালিলৈ লগ পাম....সুৰভীয়ে ফোনটো কাট্ কৰি বিচনাখনতে বহি কিবা এটা ভাবি প্ৰবালে দিয়া উপহাৰ হিচাপে কিতাপখন উলিয়াই আনে।কিতাপৰ মাজতে থকা প্ৰবালৰ চিঠিখন বৰ আলফুলে হাতত লৈ বাৰে বাৰে পঢ়িবলৈ লয়।সুৰভীয়ে যেইবাৰে পঢ়িছে সেইবাৰেই তাইৰ চকুপানী ওলাইছে।   

ক্লাছ কেইটা সোনকালেই শেষ কৰি বাহিৰতে সুৰভীয়ে কস্তুৰীলৈ বুলি অপেক্ষা কৰিলে।
  সুৰভী ব'লা।সৌ শিৱদ'লৰ ভিতৰতে গৈ খন্তেক বহোগৈ।
ঠিক আছে ব'লা.....কস্তুৰী আৰু সুৰভীয়ে দৌললৈ বুলি সেৱা এটি জনাই দৌলটিৰ কাষতে থকা পাৰ্কখনৰ কোনোবা এটা চুকত দুয়োজনী বহেহি।

এতিয়া কোৱা সুৰভী।তোমাৰ মোৰ সৈতে কি কথা আছিল....
কস্তুৰী...ক'ৰ পৰা কেনেকৈ কথাবোৰ আৰম্ভ কৰোঁ মই নিজেই ধৰিব পৰা নাই ।তুমি মোৰ অতীতৰ কথা সকলোৱেই জানা।যদিও মোৰ অনুৰাগ নাছিল তথাপিও মই মোৰ ঘৰখনৰ সৈতে বহুতেই সুখী আছিলো।কলেজলৈ আহো ক্লাছ কৰোঁ তোমালোকৰ সৈতে হাঁহি ধেমালি কৰিয়েই মই আনন্দ পাইছিলো।কিন্ত আজি অজানিতে এনে অনুভৱ হৈছে যেন মই ক'তোৱেই সুখী হ'ব পৰা নাই।মই যেন কিবা হেৰুৱাই পেলাইছো কস্তুৰী.....

সুৰভী...কেতিয়াবা আমাৰ জীৱনলৈ অজানিতে কিছুমান সুখে আহি আমাক হাতবাউল দি থাকে।কিন্ত আমি নিজৰ মাজতেই ইমানেই ব্যস্ত থাকো যে কেতিয়াবা সেই সুখৰ ছাঁকো সময়ত বিচাৰি নাপাই উজুটি খাব লগা হয়।তেতিয়াই আমি অনুভৱ কৰোঁ আমি জীৱনৰ পৰা কিবা এটা সুন্দৰ মূহুৰ্ত হেৰুৱাই পেলাইছো বুলি।কিন্ত তাৰ মাজতো সেই সুন্দৰ মূহুৰ্তই আমাৰ জীৱনলৈ পুনৰ আহি দোলা দি থাকেহি।মাত্ৰ আমি তাক আকোঁৱালি ল'বলৈ জানিব লাগিব....
  সেয়ে কৈছো সুৰভী...তোমাক জীৱনে এতিয়াও সেই সুন্দৰ সময় দিছে সুৰভী।যাক তুমি অজানিতেই ভাল পাবলৈ লৈছা।এতিয়াও সময় আছে ।তুমি তোমাৰ মনৰ বতৰা আপোনজনক জনাই দিয়াৰ....প্ৰবাল বিহীন জীৱন তোমাৰ বাবে আধৰুৱা সুৰভী......
..............
সুৰভী...সুৰভী কি ভাবি আছা।বৰষুণ পৰিছে।ব'লা দলৌৰ সৌ বাৰাণ্ডালৈ যাওঁ ব'লা।নহ'লে তিতিম আমি.......
...তুমি যোৱা কস্তুৰী....
 আজি মোক এই সুখৰ বৰষুণজাকৰ সৈতে অলপ উমলিব দিয়া কস্তুৰী.....আজি সকলোকে ক'ব বিচাৰো.....
...প্ৰবাল মই তোমাক ভাল পাই পেলাইছো...মই তোমাক ভাল পাওঁ.....সুৰভীৰ সেই সুকোমল মাতত দৌলৰ ধূপ-দীপৰ সুগন্ধই সন্ধিয়াৰ আকাশৰ বৰণ জীপাল কৰি তুলিছিল ।

(আগলৈ)

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...