#এটি মিঠা সপোন (১০)
✍নয়নমনি দত্ত
আজিও কোনো নুঠাৰ আগতেই সুৰভীয়ে গা-পা ধুই গোসাঁইঘৰত চাকি জ্বলাই তাই এই হেঁপাহৰ ঘৰখনৰ বাবেই নতুনকৈ জীৱনটো আগুৱাই নিয়াত ভগৱানে যে তাইক শক্তি দিয়ে এয়ে প্ৰাৰ্থনা জনালে।
গোসাঁইঘৰৰ পৰা ওলাই আহি পোনে পোনে তাই দেউতাকৰ ৰুমলৈ গৈ দেউতাকক সেৱা এটি জনাওঁতে তাই কান্দোনত ভাগি পৰিল...আজি দেউতাকেও সুৰভীক দেখি কান্দোনত ভাগি পৰিল.....সুৰভী নাকান্দিবা...নাপায় কান্দিব সুৰভী।সকলো ঠিক হৈ যাব। আমিবোৰ সদায় তোমাৰ লগত আছো।তোমাৰ সুখেই আমাৰ সুখ....দেউতাকে সুৰভীৰ মূৰত হাত এখন লাহেকৈ থৈ আশীৰ্বাদ দিয়ে।
সুৰভী আনদিনাতকৈ আজি সোনকালেই কলেজ পালেহি।তেতিয়ালৈ কলেজত ল'ৰা-ছোৱালীবোৰৰ আহ-যাহ হৈছিলহে।তাইৰ প্ৰথম ক্লাছটোত অলপ নোটছ দিবলগা আছিল বাবেই সোনকালে কলেজলৈ আহি অলপ নোটছ লিখাত ব্যস্ত আছিল।তেনেতে কলিগ কস্তুৰী সোমাই আহে।
আৰে...সুৰভী..আজি ইমান সোনকালে পালাহি।
অ' আজি অলপ ক্লাছৰ বাবে নোটছ লিখিব লগা আছিল বাবেই সোনকালে পালোহি।বাকী ঠিকেই আছা।
কিনো ঠিকেই অ'...ঘৰত ইমানবোৰ কাম বন কৰি নিজলে কিবা চাবই নোৱাৰা হৈছো।এয়া চোৱাচোন হাতৰ নখত এতিয়াও আটা লাগিয়েই আছে......কস্তুৰীৰ কথাত দুয়োজনী হাঁহি পৰিল।
সুৰভী তথাপিও ভাল লাগে জানা।নিজক অলপ সময় দিব নোৱাৰিলেও কেতিয়াবা এই নিজৰ মানুহজন, ল'ৰা-ছোৱালী,মা-দেউতা তেওঁলোকৰ এই কিছুমান আব্দাৰ যেনেকৈ ৰাতিপুৱা অফিচলৈ যোৱাৰ পৰত ইটো-সিটো গোটাই দিয়া,ল'ৰা-ছোৱালীৰ ফৰমাইচ পূৰ কৰা,মা-দেউতাৰ খোৱাৰ যোগাৰ কৰা এই সকলোবোৰ কৰিয়েই দেখোন মনত আনন্দ পাওঁ।যদি এওঁলোক মোৰ জীৱনত নথকা হ'লে মই মোৰ জীৱনটোক কেতিয়াও অকলশৰে আগুৱাই নিব নোৱাৰিলো হয় আৰু জীৱনটোক অকলে আগুৱাই নিয়াতো ইমান সহজ কথা নহয় সুৰভী।
আজি তুমি সমাজৰ বাবে যিবোৰ কথা ভাবি আছা সেইখন সমাজে তোমাৰ কেতিয়াও ভালটো নিবিচাৰে।পাৰিলে তোমাৰ পৰা সুবিধাহে ল'ব।
কস্তুৰীয়ে অলপ আগুৱাই আহি সুৰভীৰ কাষতে থকা চকীখনতে বহি তাইৰ হাতৰ ওপৰত হাত থৈ কস্তুৰীয়ে আশ্বাস দি কয়......সুৰভী মোক তুমি ভুল নুবুজিবা।তুমি জীৱনটোত যদি এনেকৈ থাকিম বুলি ভাবিছা তেনেহ'লে এইয়া তোমাৰ ভুল সিদ্ধান্ত সুৰভী।কেতিয়াবা কিছুমান স্মৃতিয়ে বৰকৈ আমনি কৰেহি কিন্ত সেই স্মৃতিয়েই জানো তোমাৰ গোটেই জীৱন নিৰাপদে ৰাখিব।কেতিয়াও নাৰাখে।অনুৰাগক মইও এই কলেজখনলৈ প্ৰথম অহাৰ দিনাখনৰ পৰাই লগ পোৱা।তাক মইও বুজি পাইছিলো।সি জীৱনটোত কেতিয়াও হাৰ মনা নাছিল।সদায় সুখৰ মাজেদিয়েই সি জীৱনটো চাবলৈ শিকিছিল।অনুৰাগে কেতিয়াও তোমাক মোক জীৱনটোত হাৰ মানি যাবলৈ শিকোৱ নাছিল।তেনেহ'লে তুমি কিয় হাৰ মানি ইমানতে থমকি ৰ'ব বিচাৰিছা সুৰভী।এতিয়াও সময় আছে সুৰভী তুমি কথাবোৰ পুনৰ ভাবি চোৱা আৰু এতিয়াও তোমাৰ বাবে কোনোবা ৰৈ আছে......
কস্তুৰী তুমি.......
অ' সুৰভী...মই সকলোবোৰ জানো আৰু মইও বিচাৰো তুমি সুখেৰে থকাতো....তুমি বহা।মই ক্লাছ এটা কৰি আহোগৈ.....কস্তুৰীয়ে সুৰভীক টিৰ্ছাচ ৰুমতে এৰি ক্লাছলৈ বুলি খৰধৰকৈ ওলাই যায়।
সুৰভীয়ে কস্তুৰী যোৱালৈ একেথিৰে ৰ' লাগি চাই থাকিল ।কস্তুৰীয়ে কোৱা কথাবোৰ তাই পুনৰ ভাবিলে।নাই তথাপিও নোৱাৰিছে।বাৰে বাৰে অনুৰাগৰ ছবিখন মনলৈ আহি আমনি কৰিছেহি।তাই কথাবোৰ ভাবি ভাবি মনটো স্থিৰ কৰিব নোৱাৰি সুৰভী অলপ বাহিৰলৈ ওলাই আহিল।
সুৰভীয়ে কলেজৰ বাৰাণ্ডাখনতে খোজ দি থকাৰ মাজে মাজে ইটো সিটো কোনোবা এটা ক্লাছত প্ৰবালক দেখে নেকি তাকো চাই গৈছে।কিন্ত প্ৰবালক কোনো এটা ক্লাছতে দেখা পোৱা নগ'ল।তেনেতে ক্লাছৰ বেল মৰাত সুৰভী খৰধৰকৈ টিৰ্ছাচ ৰুমলৈ সোমাবলৈ লওঁতে প্ৰবালৰ সৈতে গাতে গা খুন্দা লগাত তাই প্ৰবাললৈ চাই চ'ৰী বুলি ক'বলৈ লওঁতেই সি কোবাকুবিকৈ গৈ পিন্সিপালৰ ৰুম পায়গৈ।
(আগলৈ)
No comments:
Post a Comment