#এটি মিঠা সপোন (১৬)
আজি কেইবাদিনো হ'ল প্ৰবালৰ কোনো খবৰ অহা নাই।না ফোন লাগিছে।সুৰভীও আজিকালি ৰুমৰ ভিতৰতেই থকা হ'ল।কলেজলৈও নোযোৱা হৈছে।খোৱা বোৱাৰতো দূৰৰে কথা।মাত এষাৰো তাইৰ পৰা আগৰ দৰে নোপোৱা হ'ল.....এই দেখি মাকৰ চিন্তাত তৰণি নাইকিয়া হৈছে।
পাহি...তই যি কৰ সোনকালে কৰ।দেখিছনে ছোৱালীজনী এই দুদিনতে কেনেকুৱা হৈছেগৈ।কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰ।নহ'লে মইয়েই গৈ সকলোবোৰ ......
মা...এই দুদিনহে হৈছে।তুমিও অলপ ধৈৰ্য্য ধৰিব নোৱাৰানে।আমিনো এইবোৰ কাৰ কাৰণে কৰিছো।একো নহয়।অলপ তেনেকৈ থাকিব দিয়া।দিনটোত এবাৰহে খোৱা নাই।তাতেনো তুমি উধাতু খাব লাগেনে।একো নহয় দিয়া।যি হ'ব সকলো ভালৰ বাবেই হ'ব।অলপমান কষ্ট পালে একো নহয়।ৰ'বা...মই গৈ এবাৰ চাই আহোগৈ....মাকক কথাকেইটা কৈ পাহি সুৰভীৰ ৰুমলৈ যায়।
বৌ...কি কৰিছা।
একো নাই অ'...এনেই বিচনাতে পৰি আছিলো।
কলেজ নোযোৱা নেকি...
যাম বুলি ভাবিও কিবা মনেই নাযায়চোন।
নালাগে দিয়া।মই কালিয়েই গৈ তোমালোকৰ পিন্সিপাল বাইদেউক জনাই থৈ আহিছোগৈ..
তুমি গৈছিলা...কেতিয়া মই যে গমেই নাপালো।
কেনেকৈ গম পাবা...এইহেন ৰুমটোতে সোমাই থাকিলে।আহা এতিয়া পাকঘৰলৈ...কিবা এটা খাই ল'বা।
মোৰ একেবাৰেই ভোক নাই অ' পাহি.....শুনাচোন...তুমি কিবা খবৰ পাইছা নেকি।
কাৰ বৌ...
মানে প্ৰবালৰ...
নাই একো পোৱা নাই..
মই আকৌ এবাৰ ফোন এটাকে লগাই চাওঁ নেকি...
নালাগে...বৌ..ইমান ফোন কৰাৰ পাছতো যেতিয়া ফোন ৰিচিভ নকৰে আমাৰ একো দৰকাৰ নাই বাৰে বাৰে ফোন কৰিবলৈ।মই যোৱাকালি তাৰ নম্বৰটোত মেচেজ এটা পঠাইছো।সি নিশ্চয় এইবাৰ ফোন কৰিব চাব বৌ....
কি মেচেজ চাওঁ পাহি...
এতিয়া নালাগে বৌ...যেতিয়াই ফোন আহিব তেতিয়া চাবা।আৰু এতিয়া এইবোৰ কথা বাদ দিয়া।আহা মোৰ লগত।
তুমি যোৱা পাহি।মই অলপ ইয়াতে থাকো।
বৌ...তুমি দেউতাৰ কাষলৈও নোযোৱা...
.......
সুৰভীয়ে কিবা এটা ভাবি দেউতাকৰ ৰুমলৈ যায়..
দেউতা....
অ' সুৰভী...আহা..আহা..
কিবা এটা খালেনে দেউতা...
নাই অ'...তোমালৈ বুলিয়েই ৰৈ আছিলো।সদায় তুমিয়েই দিয়াহি নহয়।আজি নাহিবা বুলিয়েই ভাবিছিলো...
নাই দেউতা...মোৰ আজি অলপ পলমেই হৈ গ'ল ।বেয়া নাপাব দেউতা...সুৰভীয়ে কথা কেইটা কৈ দেউতাকক জলপান খোৱাই দিয়াত ব্যস্ত হৈ পৰে।
........
ৰাতি সুৰভীহঁতে ডাইনিং টেবুলত একেলগে বহি ভাত খাই থাকোতে মাকে মাত লগায়.....
সুৰভী...
অ' মা...
তোমাক কথা এটা সুধো...
কওঁক মা....
আমি তোমাক জোৰ কৰাৰ বাবেই তুমি তোমাৰ সিদ্ধান্তক আওকাণ কৰি আমাৰ কথাত হয়ভৰ দিছিলা।আৰু এতিয়া এনে হোৱাৰ বাবে তুমি চাগে আমাক বহুত বেয়া পাইছা।নহয়নে সুৰভী।
মা...মই আপোনালোকক কোনোদিনেই বেয়া পাব নোৱাৰো।আজি যদি অলপমান হাঁহিব পাৰিছো মই একমাত্ৰ আপোনালোকৰ মৰমৰ বাবেই।আজি মই যি সিদ্ধান্ত লৈছিলো তাত উপনীত হ'ব পৰা নাই সচাঁ।কিন্ত ইয়াৰ আঁৰত আপোনালোকৰ কোনো দুখ নাই মা...হয়তু মোক সময়ে পৰীক্ষা লৈছে আৰু এই পৰীক্ষা দিবলৈ মইও সাজু আছো মা.....সুৰভীৰ সাহস দেখি মাকে তাইক আকোঁৱালি লৈ কপালতে এটি চুমা দিয়ে।
সুৰভী তোমাৰ সাহস দেখি মই বহুতেই সুখী হৈছো।মোৰ আগৰ সুৰভীজনীক ঘুৰাই পাই মই বহুতেই সুখী।যোৱা এতিয়া তুমি শুৱাগৈ।পাকঘৰৰ বাকীবোৰ কাম মই আৰু পাহিয়ে কৰিম।তুমি যোৱা....সুৰভীক ৰুমলৈ পঠিয়াই পাহিহঁতে নিজৰ কামত লাগে।
পাহি.....
কি মা....
মই যে তোক অথনি বজাৰলৈ যাওঁতে কিবা এটা আনি থবলৈ কৈছিলো।তই আনিলিনে....
অ' মা....মই ক'বলৈ পাহৰিলোৱেই।মই সিদিনা কলেজলৈ যাওঁতেই লৈ থৈছিলো আৰু আজি লৈ আনিলো।তুমি পাৰিলে এবাৰ চাই ল'বাচোন।মই বিচনাতে থৈ আহিছো।
ঠিক আছে।ব'লচোন প্ৰথমতে চাই লওঁ এবাৰ....
........
অ' মা....ঠিকেই আছেনে...
মমম...ঠিকেই আছে। পাৰিলে আজিয়েই সকলোখিনি ঠিক কৰি থ'ব লাগিব ।কালিলৈ নহ'লে সময়েই নহ'ব।তোৰ ৰুমতে সকলোবোৰ যা-যোগাৰ কৰি থ'।
ঠিক আছে মা.....তুমি দেউতাকো কথাখিনি কৈ সোনকালে শুৱাগৈ যোৱা।মইও এইখিনি কৰি শুবলৈ লওঁ।
ঠিক আছে।মই দেউতাৰাক কৈ মইও শুবলৈ লওঁ.....কথাকেইটা কৈয়েই পাহিৰ ৰুমৰ পৰা মাক ওলাই আহে।
(আগলৈ)
No comments:
Post a Comment