#এটি মিঠা সপোন(৭)
✍নয়নমনি দত্ত
ৰাতি বিচনাত পৰিল যদিও সুৰভীৰ টোপনি অহা নাই।দিনৰ কলেজৰ কথাবোৰেই বাৰে বাৰে মনলৈ আহি থাকিল....প্ৰবালে কালিলৈ কি বা উত্তৰ দিয়ে।যদি না কৰে।তেতিয়া..নাই নাই সি না নকৰে।তাৰ মোৰ ওপৰত বহুত বিশ্বাস আছে।
কলেজত প্ৰথম লগ পোৱাৰ দিনাখনৰে পৰাই মনত আছে। কোনোদিনেই ল'ৰাটোৰ একো এটা বেয়া শুনা মনত নপৰে।সকলোৰে লগত হাঁহি ধেমালি কৰিয়েই সময়বোৰ বৰ সুন্দৰকৈ পাৰ কৰে আৰু ক্লাছৰ ল'ৰা-ছোৱালীবোৰৰ পৰাও কোনোদিনে প্ৰবালক লৈ একো দেখা নাই বা শুনা নাই ।ঘৰখনৰ কথা ক'বলৈ মাত্ৰ মাক-দেউতাক আৰু প্ৰবাল।মাক-দেউতাকো বহুতেই অমায়িক লোক।সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখে।সেই হিচাপে আমাৰ পাহিক তেওঁলোকে নিজৰ কৰি ল'ব বিচাৰিলেও পাহিয়ে তাত বৰ সুখেৰে থাকিব পাৰিব....সুৰভীয়ে শুই থকাৰ পৰাই নেদেখাজনলৈ প্ৰাৰ্থনা কৰিলে যাতে অহাকালিলৈ প্ৰবালে ভাল খবৰ এটা দিয়ে যেন।
ৰাতিপুৱাও শুই উঠিয়েই সুৰভীয়ে কেৱল পাহিৰ বাবে যেন ভাল খবৰটো আহে তাৰ বাবে বাৰে বাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। পুৱাৰ সকলোবোৰ কাম সোনকালে শেষ কৰি কলেজলৈ যোৱাৰ আগতে এবাৰ দেউতাকৰ শুৱনি কোঠালৈ গৈ সেৱা এটি জনালে....দেউতা...আজি মই শুভ কাম এটালৈ ওলাইছো।আপুনি আশীৰ্বাদ কৰক যাতে সেই শুভ কামটি সফল হয় যেন...দেউতাকৰ আশীৰ্বাদ শিৰত গুজি সুৰভী কলেজলৈ বুলি ওলাই আহিল।
আজি যদিও ক্লাছ কৰিছে সুৰভীয়ে অলপো মন বহাব পৰা নাই ।মনে মনে কেৱল প্ৰবালৰ পৰা পজিটিভ উত্তৰ অহাটোৱেই তাই কামনা কৰি আছে।ক্লাছ কৰি শেষ কৰি আহোতে সুৰভীয়ে প্ৰবালক সকলোতে বিচাৰিও ক'তো নোপোৱাত তাই টিৰ্ছাচ ৰুমলৈ আহি নিজৰ কিতাপ,বেগ লৈ যাবলৈ বুলি ওলাওতেই পাছফালৰ পৰা প্ৰবালৰ মাত শুনাত তাই খন্তেকৰ বাবে ৰৈ যায়...
সুৰভী....
প্ৰবাল তুমি...
আজি তোমাক এবাৰো কলেজত দেখা নাপালো যে ...
ৰাতিপুৱাই ক্লাছ দুটামান আছিল।সেইকেইটা কৰিয়েই মই অলপ লাইবেৰি লৈ গৈছিলো।তাতেই দেৰি হৈ গ'ল।অলপ কেন্টিনতে বহি চাহ একাপ খাই লওঁ আহা....
সুৰভীয়ে কিবা এটা চিন্তা কৰি কেন্টিনলৈ গ'ল....
.....
মমমম....এতিয়া কোৱা সুৰভী...
মই আকৌ কি ক'ব লাগে....তুমিহে চাহ খাবলৈ লগ ধৰিলা।এতিয়া তুমি কোৱা।
ঠিক আছে মইয়েই কওঁ বাৰু.....সুৰভী মই তোমাক যি ক'ম সেইয়া যেন তুমি ভুল নুবুজা...প্ৰবালে তেনেকৈ কওঁতে সুৰভীৰ বুকুখন কিবা ঢপঢপাবলৈ ল'লে।
সুৰভী মই তোমাক একো নোকোৱাৰ আগতেই তুমি ইমান ঘামিছা যে...তোমাৰ গা বেয়া লগা নাইতো।চাওঁ..এই গিলাচ পানী লোৱাচোন....ওচৰতে থকা পানী গিলাচ প্ৰবালে সুৰভীলৈ বুলি আগবঢ়াই দিয়ে।
নাই অ'...এনে অলপ....ঠিকেই আছো কোৱা বাৰু.....সুৰভীয়ে মনে মনে পজিটিভ উত্তৰ পোৱাটোহে কামনা কৰি আছে।
সুৰভী তোমাক লগ পোৱাৰ পৰা মই দেখি আহিছো।তুমি সদায় আনৰ কথাই চিন্তা কৰি আহিছা।সেয়া লাগিলে ঘৰৰ খনেই হওঁক বা কলেজৰ বাবেই হওঁক ।কিন্ত তুমি নিজৰ বাবে কেতিয়াবা অলপ ভাবি চাইছানে।
সদায় কি তুমি এনেদৰে থাকিম বুলি ভাবিছা নেকি....প্ৰবালৰ মুখত আজি এনে ধৰণৰ কথা শুনি তাইৰ ভয় হ'বলৈ ধৰিলে।যদি প্ৰবালে মোক লৈ মনত কিবা ভাবি আছে তেতিয়া।নাই নাই এনে কেতিয়াও হ'ব নোৱাৰে।প্ৰবাল সদায়েই মোৰ বাবে এজন ভাল বন্ধু।
........সুৰভী কি ভাবি আছা।মই তোমাক কিবা এটা সুধিছো কোৱা।
সুৰভীয়ে থতমত খাই পুনৰ প্ৰবালক সুধিলে....কি সুধিছিলা প্ৰবাল।
তুমি কি গোটেই জীৱন এনেদৰে থাকিম বুলি ভাবিছা নেকি।
আজি তুমি এইবোৰ কি সুধিছা প্ৰবাল.....আমাৰ দেৰি হৈছে নেকি প্ৰবাল।যাওঁ ব'লা।
সুৰভী তুমি সদায় এনেদৰে নিজৰ পৰা কিমান পলাই ফুৰিবা।নিজক এবাৰ চোৱা সুৰভী....প্ৰবাল মোৰ দেৰি হৈছে।মই যাওঁ........সুৰভী যাবলৈ লওঁতেই প্ৰবালে তাইৰ হাত এখন থাপ মাৰি ধৰি লয়।
(আগলৈ)
No comments:
Post a Comment