#এটি মিঠা সপোন (৯)
✍নয়নমনি দত্ত
দিনৰ কথাবোৰে মনলৈ আহি সুৰভীক বাৰে বাৰে আমনি কৰিছেহি।ক'তোৱেই মন নবহা হৈছে।ইমান দিনে সকলোবোৰ দেখোন ঠিকেই আছিল।কিন্ত আজি ক'ত খেলিমেলিখন হৈ গ'ল তাই নিজেও ধৰিব পৰা নাই । কি হৈছে আজি মোৰ......সুৰভীয়ে বাথৰুমলৈ গৈ বেচিনৰ দাপোণখনৰ আগত ৰৈ তাইৰ নিজৰ মুখলৈ পানী ছটিয়াব ধৰিলে।বহু সময় ধৰি তাই দাপোণখনত নিজকে চাবলৈ ধৰিলে....তাই ক'তো ভুল কৰা নাইতো।তেনেহ'লে আজি কিয় ইমান প্ৰবালৰ কথা মনলৈ আহি আছে।নাই মোৰ মনৰ মাজত কেৱল অনুৰাগে আছে...কেৱল অনুৰাগ....সুৰভীয়ে পুনৰ মুখত পানী ছটিয়াই পাকঘৰলৈ বুলি ওলাই আহে....
সুৰভীৰ হেতা পৰা মুখখন দেখি পাহিয়ে লাহেকৈ বৌয়েকক মাত দিয়েহি.....বৌ তোমাৰ কি গা বেয়া নেকি।
নাইতো পাহি..মইতো ঠিকেই আছো...কিয় সুধিলা...পাহিৰ কথাত সুৰভীয়ে অলপ সহজ হ'বলৈ ধৰিলে।
নহয় মানে বৌ...মই তোমাক কলেজৰ পৰা অহাৰ পৰাই মন কৰি আছো।তুমি কিবা আজি মনতো মাৰি আছা।সকলো ঠিকেই আছেতো বৌ।নে কলেজত কিবা......
নাই নাই পাহি...কলেজতনো আকৌ কি হ'ব।এনেই অ' কেতিয়াবা ক্লাছ কেইটা কৰি আহি খুব ভাগৰ লাগে যে সেইবাবে।বাকী একো নাই ।তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে....এইকাপ চাহ দেউতাক খুৱাই থৈ আহাগৈ যোৱা.....পাহিৰ আগত কোনো কথাত ধৰা নপৰক বুলিয়েই সুৰভীয়ে পাহিক দেউতাকক চাহকাপ খুৱাবলৈ আজি পঠিয়াই দিয়ে।
সন্ধিয়াৰ পৰত অলপ ধূনা দিয়া কামটো সুৰভীয়ে খুবেই ভাল পায়।সেই ধূনাৰ গোন্ধই যেন সকলোকে পবিত্ৰ কৰি তোলে আৰু মনৰ দুখবোৰো যেন নোহোৱা কৰি তোলে।সুৰভীয়ে আজি বাৰাণ্ডাতে বহি তাকেই ভাবি আছে....এই সুগন্ধিত ধোৱাই তাইৰ মনৰ মাজত হোৱা বিভ্ৰান্তিবোৰ পলকতে শেষ কৰি দিয়ে যেন......কথাবোৰ ভাবি থাকোতেই ভিতৰৰ পৰা ওলাই আহি পাহিয়ে সুৰভীক অলপ ৰাস্তাটোৰ লৈকে ওলাই যাওঁ বুলি লগ ধৰিলে.....বৌ ব'লা...অলপ ওলাই যাওঁ ব'লা।তোমাৰ মনটোকে ভাল লাগিব ব'লা।
পাহিৰ কথাত হয়ভৰ দি দুয়োজনী আজি বহুদিনৰ মূৰত অলপ ওলাই গ'ল।
বৌ..
কোৱা পাহি....
তোমাৰ দৃষ্টিত জীৱন মানে কি বৌ...
আজি যে এনেধৰণৰ প্ৰশ্ন কৰিলা পাহি.....
নাই বৌ...এনেই সুধিলো।তুমি বেয়া পাইছা বৌ।
নাই অ'....মোৰ দৃষ্টিত জীৱন হৈছে সুখ-দুখৰ এক সমাহাৰ।কেতিয়াবা আমি দুখবোৰক বিদায় দি সুখক আদৰিবলৈ চেষ্টা কৰিবলগীয়া হয় আৰু কেতিয়াবা আনৰ সুখৰ বাবে অতীতৰ দুখবোৰক পাহৰণিৰ গৰ্ভত থেলি দিবলগীয়া হৈ পৰে।হয়তু তেতিয়াই জীৱনটো সুন্দৰ হৈ পৰে।
তেনেহ'লে বৌ তুমি আমাৰ সুখৰ বাবেই তোমাৰ জীৱনটোক নতুনকৈ আদৰিবলৈ শিকা বৌ।এনেদৰে কিমান দিন জীৱনটো কটাম বুলি ভাবিছা।তুমি ভবাৰ দৰে সকলো কথা ইমান সহজ নহয় বৌ।দেউতা মৰিও আজি জীয়াই আছে মাথো তোমাৰ সুখৰ দিনবোৰ চাবৰ বাবেই আৰু মা... তেওঁ সদায় গোসাঁইঘৰত কেৱল তোমাৰ বাবেই প্ৰাৰ্থনা কৰে।যাতে তুমি সদায় সুখত থাকা।তেনেহ'লে বৌ এই মানুহ দুজনৰ বাবেইটো অন্তত তুমি তোমাৰ সিদ্ধান্ত সলাব লাগিব বৌ......সুৰভীয়ে আজি কেৱল পাহিৰ কথা নীৰৱে শুনি গৈছে।
বৌয়েকে একো নোকোৱা দেখি পাহিয়ে বুজি পাইছিল যে তেওঁক অলপ কথাবোৰ ভাবিবলৈ সময় দিয়া উচিত...সেয়ে পাহিয়ে পুনৰ একো নকৈ ঘৰলৈ উভতিবলৈ বুলি বৌয়েকক মাত দিলে.... বৌ ব'লা।ঘৰলৈ উভতো বহুদূৰ পালোহি.....সুৰভীয়ে তেতিয়াও পাহিক কোনো উত্তৰ নিদি নিজৰ মনৰ মাজতে কথাবোৰ ভাবি গৈ থাকিল...
ঘৰলৈ উভতি সুৰভী পোনে পোনে নিজৰ ৰুমলৈ গ'ল।আজি বহুদিনৰ পাছত অনুৰাগৰ ফটোবোৰ উলিয়াই এখন এখনকৈ তাই বৰ হেঁপাহেৰে চালে।তাই বৰকৈ অনুৰাগলৈ মনত পৰিল ......তুমি মোক কিয় এৰি গুচি গ'লা অনুৰাগ।চোৱা এতিয়া...মই কিদৰে কষ্টত আছো। মই যে সদায়েই তোমাৰ লগত থাকিব বিচাৰো।কিন্ত মোক সকলোৱে তোমাৰ মৰমক পাহৰি জীৱনটোক আগুৱাই নিব কয় ।এইয়া জানো সম্ভৱ অনুৰাগ।মই তোমাৰ মাজতে জীয়াই থাকিব বিচাৰো....মই তোমাৰ মাজতেই জীয়াই থাকিব বিচাৰো....মই...কান্দোনত ভাগি পৰি লাহে লাহে সুৰভী টোপনি যাবলৈ ধৰে।
পাহিয়ে বৌয়েকক ভাত খাবলৈ মাতিবলৈ আহি সকলোবোৰ কথা শুনি নীৰৱে চকুলো টুকি আতঁৰি যায়।
পাহি.....সুৰভীক ভাত খাবলৈ মাতি দেগৈ যা।মই ভাত বাঢ়িলোৱেই যা...
মা......আজি বৌক ভাত খাবলৈ নালাগে মাতিব।বৌয়ে আজিয়েই মনৰ সকলো দুখ পাহৰি কালিলৈ যেন এক নতুন জীৱনৰ পাতনি মেলে সেয়াই তুমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা মা......
মাক আৰু পাহি দুয়োজনীয়ে নীৰৱে চকুলো টুকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
(আগলৈ)
No comments:
Post a Comment