#এটি মিঠা সপোন (৬)
✍নয়নমনি দত্ত
পাহিয়ে আইনাৰ কাষতে ৰৈ কিবা এটা ভাবি থাকোতে ইফালৰ পৰা সুৰভীয়ে মাত দিয়াত চক্ খাই উঠিল।
...কাৰ কথা ইমান আপোন পাহৰা হৈ আছিলা হা পাহি...
...তোমাৰো যে কি কথা বৌ...মইনো কাৰ কথা ভাবিম হয়।
কিয় তোমাৰ সপোনৰ ৰাজকুমাৰজন আকৌ...
নাই দেই বৌ মোৰ কোনো সপোনৰ ৰাজকুমাৰ নাই।এইবোৰ দেখোন ভাবিবলৈ সময়েই নহ'ল।কলেজলৈ যাওঁ আৰু আহো.... এইটোৱেই মোৰ কাম বৌ...হাঃ হাঃ হাঃ....
আও.....মোৰ ভনীজনী কেতিয়াৰ পৰা ইমান ভাল হ'ল হয়.....এইবুলি কৈ সুৰভীয়ে পাহিৰ গালখনতে লাহেকৈ চিকুট এটা দিয়ে।
বৌ...তুমিটো সৰুৰে পৰাই আমাক দেখি আহিছা।আমি কেনেকৈ ডাঙৰ হৈছো। দেউতাই বিচনা লোৱাৰ দিন ধৰি ঘৰৰ সকলো দায়িত্ব দাদাই মূৰ পাতি লৈ আমাক কোনোদিনেই কষ্ট পাবলৈ দিয়া নাছিল।মোক কেৱল ভালদৰে পঢ়িবলৈহে কৈছিল।যি বিচাৰো তাকেই দিছিল।কোনো দিনেই না কৰা নাছিল।দাদাৰ মৰমবোৰৰ বাবেই হয়তু মই আনৰ মৰম বিচৰা নাছিলো।কিজানি দাদাৰ সেই মৰমবোৰ দুনাই নাপাম বুলি মনত মোৰ ভয় হৈছিল....কিন্ত বৌ....
কোনো কিন্ত নাই।এতিয়া আমাৰ পাহি ডাঙৰ হ'ল।কিবা এটা আমি ভাবিবই লাগিব।ইমান ডাঙৰ ছোৱালীজনীক আমি ঘৰতে ৰাখিব নোৱাৰো নহয়।সৰু হোৱা হ'লে কোচতে লৈ থাকিলো হয়....হাঃ হাঃ কিযে কোৱা বৌ......পাহিয়ে মনতে দুখ নকৰক বুলিয়েই সুৰভীয়ে অলপ ধেমালি কৰি পাহিৰ ৰুমৰ পৰা ওলাই আহিল।
পাহিৰ মনটো বুজ লৈ ভাল লাগিল।অন্তত মোৰ পচন্দৰ মতেই মই পাহিলৈ দৰা চাব পাৰিম।মোৰ দৃষ্টিত এজন ল'ৰা যিহেতু আছেই সেইবাবে ইমান চিন্তা কৰিবলগীয়া কথা নাই। সোনকালেই কথা-বতৰা পাতি ঘৰত ক'বহে লাগে.....সুৰভীয়ে দাপোণখনৰ আগতে ৰৈ কথাবোৰ ভাবোঁতেই মনটো ভাল লাগি গৈছে।
আজি যদি অনুৰাগ থকা হ'লে কিমান যে ভাল পালে হয়।অন্তত ককায়েক হিচাপে এজন ভাল ল'ৰা চাই পাহিক এঘৰলৈ উলিয়াই দিব পাৰিলে হয়.....বিয়াৰ আগত আমি যিমানবাৰ লগ কৰিছিলো সেই প্ৰতিবাৰেই অনুৰাগে কেৱল ভনীয়েকক কেনেকৈ কিদৰে বিয়া দিম সেই কথাই পাতিছিল .....চাকৰি পোৱাৰ কথা ক'বলৈ অহাৰ দিনাখনো অনুৰাগে এটাই কথা কৈছিল ....সুৰভী...মোৰ ভনী পাহি মোৰ আটাইতকৈ মৰমৰ।তাই কোনো কথাত দুখ পালে মই বৰ কষ্ট পাওঁ।যিদিনাখন ঘৰলৈ একো এটা আনিব নোৱাৰিছিলো সেইদিনা তাই তাইৰ ভাগৰ ভাতখিনি মোক দিছিল আৰু কৈছিল....দাদা তই আজি ইমান দেৰি কৰিলি আহোতে আমি ভাত খালোৱেই।এতিয়া তই অকলে অকলে ভাত কেইটা খাব লাগিব.....
.... মই সকলো বুজি পাইছিলো আৰু সেইবাবেই মই কোনোবাদিনা খাবলৈ মন নগ'ল বুলি কৈ অলপ ভাত তাইলৈ বুলি এৰি আহিছিলো আৰু তাই কোনেও নেদেখাকৈ সেই ভাত খাই পেটৰ ভোক মাৰিছিল.......মই তেতিয়া খুব কষ্ট পাইছিলো।একো কৰিব পৰা নাছিলো।কেৱল তাইলৈ চাই ৰৈছিলো......সেইবাবেই মই তাই যি বিচাৰিছিল তাকেই দিবলৈ চেষ্টা কৰিছিলো।
এতিয়া চাকৰি এটা পালো যেতিয়া সকলো ঠিক হৈ যাব।এতিয়া পাহিক লৈ থকা সকলোবোৰ কত্তৰ্ব্য মই কৰি যাব পাৰিম।তাইক ভাল ল'ৰা এটা চাই উলিয়াই দিব পাৰিলে মই বহুত সুখী হ'ম.....
.......সুৰভী...সুৰভী....শাহুৱেকৰ মাত শুনিহে সুৰভীয়ে বাস্তৱলৈ ঘুৰি আহিল আৰু তাই কলেজলৈ বুলি যাবলৈ খৰধৰ কৰিল।
সুৰভী....কিবা এটাটো খাই যোৱা।
নাই মা ... আজি দেৰিয়েই হ'ল।কলেজৰ কেন্টিনতে কিবা এটা খাই লম।এতিয়া যাওঁ মা .....সুৰভী খৰখেদাকৈ ওলাই যায়।ৰিক্সাত গৈ থাকোতে আজি যেনেতেনে প্ৰবালৰ সৈতে কথাটো পাতিবই লাগিব বুলি মনতে এবাৰ কথাবোৰ আওৰাই ল'লে....
সুৰভীয়ে দুটামান ক্লাছ কৰি টিৰ্ছাচ ৰুমলৈ আহি কলিগ প্ৰবালৰ বাবে অপেক্ষা কৰি থাকে।কমেও ১৫ মিনিটৰ পাছতেই প্ৰবাল ৰুমলৈ সোমাই আহি সুৰভীৰ কাষতে থকা চকীখনতে বহেহি....
কি খবৰ সুৰভী...আজি ক্লাছ কৰিলা।
অলপ আগতে দুটা ক্লাছ কৰি এইমাত্ৰ বহিছোহি।বাকী ঠিকেই আছে তোমাৰ।
মোৰনো কি আৰু..... অকলশৰীয়া ল'ৰা যেতিয়া মা-দেউতাৰ লগতে খাই বই আছো আৰু।সময় হ'লে কলেজলৈ আহো আৰু ক্লাছ শেষ হ'লে ঘৰলৈ গৈ মা-দেউতাৰ সৈতে সময়বোৰ কটাও সিমানেই আৰু...হাঃ হাঃ....
..তোমাৰো কথা আৰু দেই...তাতকৈ তুমি তোমাৰ বিয়াখনকে পাতি ল'ব পাৰাচোন।এইহেন ল'ৰাটোৰ ছোৱালী এজনীও নাথাকিবনে......
... নাই নাই দেই সুৰভী...এইয়া ভাবিবলৈকে সময় নহ'লচোন। নিজে কেনেকৈ প্ৰথমে সংস্থাপন হৈ লওঁ সেইটোৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিলো আৰু এতিয়া কিবা ভাবিবলৈ হ'লেও মাহঁতকে কম আৰু।নে কি কোৱা সুৰভী......হাঃ হাঃহাঃ....
তোমাৰ কথাটো হয়।কিন্ত তোমাক যদি মই কথা এটা কওঁ তুমি মোক বেয়া পাবা নেকি.....
নাই নাপাওঁ কোৱাচোন...
নহয় মানে.. মই যদি তোমালৈ বুলি কাৰোবাক চাব পাৰো তাত তুমি বেয়া নোপোৱাটো....
..ইয়াত বেয়া পাবলগীয়া কোনো কথাই নাই।মই সকলো কৈছোঁৱেই তোমাক।তাৰমানে তুমি মনে মনে মোলৈ বুলি কাৰোবাক চাইয়েই থৈছা মানে...
..অলপ তেনেকুৱাই বুলি ভাবি লোৱা....
কোন বাৰু কোৱাচোন ....
...তুমি যে মোৰ পচন্দৰ কাৰোবাক বিয়া পাতিবই লাগিব যে তাত কোনো কথা নাই।তোমাৰ পচন্দ হ'লেহে ক'বা।
..ঠিক আছে।তুমি আগতে কোৱাচোন।
..মানে প্ৰবাল.. মোৰ ননদ পাহিৰ কথা কৈছো।তাই বৰ্তমান এম এ পাছ কৰি ওচৰৰ স্কুল এখনতে সোমাই আছে।যদি তুমি আগবাঢ়ো বুলি কোৱা তেনেহ'লে মই কথা পাতিব পাৰো।
..প্ৰবালে অলপ সময় কিবা এটা ভাবি এই বিষয়ে প্ৰথমে মা-দেউতাকৰ লগত কথা পাতি লৈহে সুৰভীক জনাম বুলি কথা দিলে।
(আগলৈ)
No comments:
Post a Comment