#এটি মিঠা সপোন(৫)
✍নয়নমনি দত্ত
ৰাতিনো কেতিয়া টোপনি গ'ল সুৰভীয়ে গমেই নাপালে।পুৱাৰ চৰাই-চিৰিকটিৰ মাততহে সাৰ পালে।সাৰ পাইয়েই তাই অলপ ডিঙিটো অলপ বিষ যেন অনুভৱ কৰিলে।গোটেই ৰাতিটো তাই খিৰিকীখনতে ডিঙিটো হেলান দি শুই থকাৰ বাবেই তাইৰ এই অৱস্থা। আহ.....
বৰ বিষাইছে।ছেহঃ....কালি কিহে যে পালে মোক।ইমান বিষাইছে.......সুৰভীয়ে লাহেকৈ আহি বিচনাখনতে পৰি দিয়েহি।
পাহি....
অ' মা...
আজিচোন সুৰভীৰ দেখা দেখি নাই।তই দেখিছিলি নে...
নাই মা।আজি দেখাই নাই।সদায়টো বৌ ৰাতিপুৱা ৫ বজাতেই উঠে।আজি দেখোন ৮ বাজিবৰ হ'ল।
ব'লচোন ব'ল পাহি...সুৰভীক ৰুমতে চাই আহো......
সুৰভী...সুৰভী....কি হ'ল তোমাৰ।গাটো বেয়া লাগিছে নেকি...চাওঁ কপালখন.....শাহুৱেকে সুৰভীৰ কপালত হাত এখন দি চায়।
ঠিকেই আছে..... কি হৈছে কোৱাচোন সুৰভী।
একো নাই মা।গা ঠিকেই আছে।
তেনেহ'লে ইমান দেৰিলৈ শুই আছা যে....
নহয় মানে মা....মোৰ অলপ ডিঙিটোহে বিষ হৈছে।
চাওঁ চাওঁ ক'ত কেনেকৈ দুখ পালা...
নাই মানে মা...মই মানে মা.....যোৱাৰাতি মই সৌ খিৰিকীখনতে মূৰ থৈ কেতিয়ানো টোপনি গ'লো গমেই নাপালো।ৰাতিপুৱা সাৰ পাই উঠিলতহে বিষটো অনুভৱ কৰিছো।
তুমিও যে দেই সুৰভী....সৰু ল'ৰা-ছোৱালীৰ দৰে তুমি কামবোৰ কৰা।ব'লা ডাক্তৰৰ ওচৰৰ পৰা গৈ আহোগৈ।
কিন্ত মা....মোৰ যে কলেজলৈ.....
হ'ব বৌ...আজি তুমি কলেজ নগ'লেও হ'ব।মই কলেজলৈ ফোন এটা কৰি জনাই দিম।
পাহি....তই সুৰভীক লাহে লাহে ধৰি মুখ হাত ধোৱাত সহায় কৰি দে....মই কিবা এটা খোৱাৰ যোগাৰ কৰি সুৰভীক ডাক্তৰৰ ওচৰৰ পৰা লৈ আহোগৈ.....
আজি দুদিন ধৰি সুৰভী বিচনাতে আছে।শাহুৱেক আৰু ননদ পাহিয়ে তাইক একো এটা কৰিবলৈ দিয়া নাই।এই কথালৈ তাইৰ অলপো ভাল নলগাত তাই বিচনাৰ পৰা নামি আহি পাকঘৰতে মাকক কিবা এটা কৰি দিওগৈ বুলি লাহে লাহে ওলাই আহে...
অ' মা....
সুৰভী তোমাক আহিবলৈ মনা কৰিছিলো নহয়।কিয় আহিলা।যোৱা...তুমি অলপ ৰেষ্ট লোৱাগৈ।
মা...মোৰ আমনি লাগি গৈছে।এইয়া চাওঁক....মই ডিঙিটো ভালো পাইছো চাওঁক ......এইবুলি কৈ সুৰভীয়ে ডিঙিটো ইফাল সিফাল কৰি লৰাই দেখুৱায়।
হ'ব হ'ব লাহে লাহে।আকৌ বিষ হ'ব।কি ছোৱালী দেই তুমি সুৰভী।আজি একো নালাগে কৰিব।কালিলৈৰ পৰা কৰিবা হ'ব।এতিয়া সেই মূঢ়াটোতে বহি মোৰ লগতে অলপ কথা পাতা।তেতিয়ালৈ মই দুপৰীয়াৰ বাবে এই শাকখিনি কাটি লওঁ।
সচাঁকৈয়ে সুৰভীয়ে ভাগ্যৰ ফলতহে এনে শাহুৱেকক মাক হিচাপে পাইছে।তাইৰ আজিও মনত আছে।যিদিনাখনি তাই এই ঘৰখনলৈ আহিছিল সেই তেতিয়াৰ পৰা আজিলৈকে তাইক শাহুৱেকে সকলোৰে আগত মোৰ এইজনী ডাঙৰ জী বুলিহে চিনাকী কৰাই দিয়ে।বোৱাৰী শব্দটি তেওঁৰ মনলৈ কোনোদিনেই নাহিল।অনুৰাগ নথকা কথাটো সুৰভীক আজিৰ লৈকে অনুভৱ হ'বলৈ দিয়া নাই।প্ৰতিটো সৰু-ডাঙৰ কথাৰে খবৰ ৰাখে।নিজৰ ছোৱালীতকৈ সুৰভী তেওঁৰ বেছি আপোন হৈ পৰিলআৰু ননদ পাহিয়েও নিজৰ বায়েক বুলি ভাবিয়েই সুৰভীক সকলো কথা কয়।আৰু দেউতাকে যদিও বিচনাখনৰ পৰা নিজে নামি আহিব নোৱাৰে তেওঁ তাৰ পৰাই সুৰভীৰ মনৰ কথা উমান পাইছিল ।
ইমান আপোনভাৱে লোৱা মানুহখিনিক তাই কিহতে এৰি আন এঘৰলৈ বুলি ওলাই গুচি যাব।নাই তাই কোনো দিনেই এই ঘৰ এৰি নাযায়।
মোৰ কৰিব লগা বহুত কত্তৰ্ব্য আছে।আটাইতকৈ মৰমৰ মোৰ পাহিজনীক এঘৰলৈ উলিয়াই দিবলৈ আছেই।এই কাম মই প্ৰথমে কৰিব লাগিব ।তাইৰ পঢ়া-শুনাও ইতিমধ্যেই শেষ হৈছেই যেতিয়া অলপ আগবাঢ়িব পাৰো। প্ৰথমে তাইৰ মনটো বুজ ল'ব লাগিব।পাৰিলে পাহিক কালিলৈয়ে কথাটো সুধিব লাগিব.....কথাবোৰ ভাবি থাকোতে সুৰভীৰ মনটো কিবা এটা ভাল লাগি গ'ল।
(আগলৈ)
No comments:
Post a Comment