#এটি মিঠা সপোন (৩)
✍নয়নমনি দত্ত
...যোৱাকালিয়েই কৈ থৈ অহাৰ বাবে আজি সুৰভীয়ে কলেজলৈ নগ'ল।ঘৰৰ সকলোবোৰ কাম-বন কৰি এই পিছবেলাৰ সময়খিনি তাই অকলশৰে থাকিয়েই ভাল পায়।ৰুমতে সোমাই বিছনাতে পৰি সুৰভীয়ে সিহঁতৰ বিয়াৰ এলবামটো উলিয়াই তাই খন্তেকৰ বাবে অতীতলৈ ঘুৰি যায়.....
সিদিনাৰ কথাখিনিৰ পৰা অনুৰাগে নিজৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে মাজে মাজে দুই-এটা টিউচন কৰি ঘৰৰ লগতে নিজৰ পঢ়া-শুনাৰ খৰচ উলিয়াইছিল।যদিও অলপ কষ্ট হৈছিল তথাপিও সি হাৰ নামানি ঘৰখনৰ কথা ভাবিয়েই সকলো কৰি গৈছিল।ইফালে প্ৰতিটো মুহূৰ্ততে তাৰ লগত থকা সুৰভীৰ অনুপ্ৰেৰণাই অনুৰাগক আগলৈ আগবাঢ়ি যাবলৈ সাহস যোগাইছিল।
সুৰভী....তুমি সদায় এনেদৰে মোৰ কাষত থাকিবানে।
কিয় আজি এনেকৈ সুধিলা...
নাই এনেই....কেতিয়াবা মোৰ ভয় হয়..তোমাক যদি মোৰ পৰা কোনোবাই আতঁৰাই নিয়ে।মই কিদৰে থাকিম।তুমি সকলোবোৰ দেখি আহিছাই।কিমান কষ্টৰে ঘৰ এখন চলাই মই মোৰ পঢ়াৰ খৰচ উলিয়াই বৰ্তমান এম এ কমপ্লিট কৰিলো আৰু এতিয়ালৈকে কোনো ধৰণৰ চাকৰি হাতত নাই।ইফালে চাগে তোমাৰ ঘৰত বিয়াৰ কথাও চলিছে হয়তু।
চোৱা অনুৰাগ....মই তোমাক ভাল পাওঁ সঁচা।কিন্ত এইটো নহয় যে মই মোৰ মা-দেউতাৰ কথামতেই গৈ আন এজন ল'ৰাৰ সৈতে বিয়াত বহিম।মোৰো মত থাকিব লাগিব।মইও কাৰোবাক কথা দি থব পাৰো।সেইবুলি মাহঁতে ক'লে বুলিয়েই মই যাৰে তাৰে লগত বিয়াত বহিব নোৱাৰো।তুমি ইমান ভাবি নাথাকিবাচোন।
অ' তাৰমানে তুমি বেলেগকহে মনটো দি থৈছা।মোক নহয় মানে....তেনেহ'লে মই বেলেগ এজনীকে চাই লওঁ আৰু........অনুৰাগে সুৰভীক আৰু অলপমান খং উঠক বুলিয়েই জোকাই চালে।
কি....তোমাক নহয়....সুৰভীয়ে অনুৰাগৰ বাহুত মাৰিব লওঁতে তাইক অনুৰাগে বুকুৰ মাজলৈ চপাই আনি খুব হাঁহিবলৈ ল'লে.......হাঁ হাঁ হাঁ .........
হাঁ হাঁ ....
খন্তেকৰ বাবে বৌয়েকৰ হাঁহি শুনি পাহিৰ মনটো আপোনা আপুনি ভাল লাগি যায়। অন্তত বৌয়েকে তেওঁলোকৰ বিয়াৰ ফটো চাইয়ে যে আজি ইমান দিনৰ পাছত হাঁহিবলৈ লৈছে সেইয়া যেন ঘৰখনৰ বাবে বহুত আনন্দৰ কথা।পাকঘৰৰ পৰা শাহুৱেকেও সুৰভীৰ হাঁহি শুনি জীয়েক পাহিৰ কাষতে থিয় দিয়েহি........আজি সুৰভীৰ সোণলে হয়তু বৰকৈ মনত পৰিছে।তাই চাগে বিয়াৰ এলবামটো উলিয়াই কথাবোৰ মনত পেলাইছে পাহি।হওঁক দে...... তাই এনেকৈয়েই মনৰ দুখবোৰ আতঁৰাই পেলাওঁক.....শাহুৱেকে কথাবোৰ কৈ কৈ চাদৰৰ আঁচলেৰে চকুপানী মচি পুনৰ পাকঘৰৰ কামত লাগে।
ইফালে শহুৰেকেও পাহিহঁতৰ কথা শুনি নীৰৱে চকুলো টুকে।
পুৱাই সোনকালে উঠি সুৰভীয়ে যিমান পাৰে সোনকালেই কাম-বনৰ লগতে সকলোৰে বাবে খোৱাৰ যা-যোগাৰ কৰি কলেজলৈ বুলি ওলাই আহোতেই গেটৰ সন্মুখতে কিবা এটা ভাবি পুনৰ ঘৰৰ ভিতৰলৈ সোমাই যায়.....সুৰভী....ঘুৰি আহিলা যে....কিবা পাহৰিলা নেকি।
অ' মা....কিবা এটা ল'ব লগা আছিল।ল'বলৈ পাহৰি গৈছিলো..... এতিয়া যাওঁ মা......
ঠিক আছে যোৱা বাৰু.....সুৰভী ৰাস্তাটোৰ নেদেখা হোৱাৰ লৈকে শাহুৱেকে তাইলৈ চাই ৰয়।
সুৰভীয়ে ক্লাছ কেইটা শেষ কৰি আহি আজি তাই পোনে পোনে ঘৰলৈ নগৈ এখন মিঠাইৰ দোকানত সোমালে।নানা ধৰণৰ মিঠাই কেইবিধমান আৰু পানীৰ বটল কেইটামান লৈ তাই ৰাস্তাৰ দাঁতিত থকা কণ কণ ল'ৰা-ছোৱালী কেইটামানক মিঠাইবোৰ ভগাই দিয়ে।সিহঁতে পৰম তৃপ্তিৰে খোৱা দেখি সুৰভীৰ অনুৰাগলৈ খুবেই মনত পৰিল.....আজি অনুৰাগ থকা হ'লে এই কণ কণ কেইটাক দেখা হ'লে সি বহুত আনন্দ পালে হয়।
আজিও মনত আছে সুৰভীৰ.....সেইদিনাখন অনুৰাগে সুৰভীকো ক্লাছ কৰিব নিদি তাইক লগত লৈ এখন মিঠাইৰ দোকানত সোমাই অলপমান মিঠাই লৈ ৰাস্তাটোৰ দাঁতিত ৰৈ থকা কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিলাই দিছিল।সিহঁতৰ মনৰ আনন্দ দেখি অনুৰাগৰ খুব ভাল লাগিছিল ।আৰু সেইদিনাখনেই গম পাইছিল যে তাইৰ মৰমৰ অনুৰাগৰ জন্মদিন।
তাৰ সেই দিনটো আহিলেই সুৰভীক লগত লৈ সি কণ কণজাকৰ সৈতে সময়বোৰ পাৰ কৰেহি।
আৰু আজিও সুৰভীয়ে তাকেই কৰিছেহি।যদিও আজি অনুৰাগ তাইৰ কাষত নাই তথাপিও সুৰভীয়ে এই দিনটো আহিলেই তাই কণ কণজাকৰ সৈতে উমলিবলৈ গুচি আহে আৰু সেই সময়খিনিত যেন তাইৰ মৰমৰ অনুৰাগক বিচাৰি পায়।
এই কণ কণজাকৰ লগত থাকোতে সময়বোৰ কেতিয়ানো পাৰে হ'ল তাই গমেই নাপালে। সুৰভীয়ে কিবা কাৰণত হাতৰ ঘড়ীটোলৈ চোৱাতহে তাই ঘৰলৈ বুলি খৰধৰকৈ খোজ দিলে.....
(আগলৈ)
No comments:
Post a Comment