#এটি মিঠা সপোন (২)
✍নয়নমনি দত্ত
আজিলৈকেটো মই এই সকলোবোৰ মোৰ অনুৰাগৰ কথা ভাবিয়েই কৰি আহিছো আৰু আজীৱন কৰি যাম বুলিয়েই প্ৰতিশ্ৰুতি দি আহিছো.....
......
.....সুৰভী....এই সুৰভী....
অনুৰাগে দৌৰি আহি সুৰভীক লগ কৰিবলৈ অহা পাৰ্ক খনৰ মাজতে মনৰ আনন্দতে তাইক কোলাত লৈ এপাক ঘুৰাই দিলে।পাৰ্ক খনত থকা সকলোৱে সিহঁতৰ প্ৰেম দেখি হাত চাপৰি বজাই অনুৰাগক অভিনন্দন জনালে ......
....মোৰ চাকৰি হৈ গ'ল সুৰভী...মোৰ চাকৰি হৈ গ'ল...
এই নমোৱা নমোৱা মোক....সকলোৱে দেখি আছে আমাক অনুৰাগ....হয়তু আকৌ....অনুৰাগে ইমান ভাল এটা খবৰ পাই সি কি কৰি আছিল একো গমেই পোৱা নাছিল ।সুৰভীয়ে অলপ টানকৈ কোৱাতহে অনুৰাগে তাইক কোলাৰ পৰা নমাই দিছিল।
এই খবৰটোৱে সুৰভীক বহুতেই আনন্দ দিছিল।ইমান দিনে ভাল এটা খবৰ শুনিবলৈ বুলিয়েই তাই ৰৈ আছিল । অন্তত এতিয়া অনুৰাগৰ ঘৰখনে অলপ সকাহ পাব আৰু আমি দুয়ো এদিন......
সুৰভী কি ভাবিবলৈ ল'লা....
.. নাই অ'...তোমাৰ ইমান ভাল খবৰটো পাই তাকেই ভাবি আছিলো...
অ' ....তাৰমানে আহিবলৈ বুলি মনে মনে এতিয়াৰ পৰাই প্ৰস্তুতি চলিলেই মানে......
.... হেই...কি যে কোৱা নহয়...কিবা এটা ভাল ভাবিবই নোৱাৰি তোমাৰ পৰা...যাহ...
হাঃহাঃহাঃ.....ধেমালি কৰিছোহে মই...এতিয়া কলেজখনত যিহেতু চাকৰিটো হ'লেই যেতিয়াই লাহে লাহে সকলোবোৰ ঠিক হৈ যাব।এতিয়া অন্তত ঘৰখনে বহুত সকাহ পাব সুৰভী আৰু তোমাক মই নিজৰ কৰি ল'ব পাৰিম।মই বহুত সুখী সুৰভী....আজি মই বহুত সুখী...
সেইদিনাখন মোৰ অনুৰাগৰ চকুত প্ৰথম সুখৰ হাঁহি দেখিছিলো।বৰ ভাল লাগিছিল মোৰ অনুৰাগৰ চকুত সেই সুখৰ হাঁহিটি দেখি....ল'ৰালি কালৰে পৰা দেখি আহিছো সিহঁতৰ ঘৰখন।বৰ কষ্টৰে দেউতাকে অনুৰাগ আৰু তাৰ ভনীয়েক পাহিক পঢ়াইছিল।ঘৰৰ পৰা ৪|৫ কি.মি ৰ আতঁৰৰ এখন অস্হায়ী স্কুলত দেউতাকে চাকৰি কৰিছিল যদিও যিকেইটা উৰ্পাজনৰ টকা পাইছিল সেইকেইটা টকাই মাহৰ শেষলৈ কোনোমতেহে চলিছিল।তথাপিও দেউতাক প্ৰমোদ বৰুৱাই কেতিয়াও ল'ৰা-ছোৱালী দুটা অভাৱত নপৰক বুলিয়েই তেওঁ মাজে মাজে বাহঁৰ ইটো-সিটো বনাই বিক্ৰী কৰিছিল।
আজি অনুৰাগ কলেজলৈ কিয় অহা নাই।লগৰ উদিপ্তকো সুধাত সি গম নাপাও বুলি ক'লে.....কি বা হৈছে....অনুৰাগ নাহিলে দেখোন মোৰ কোনো ক্লাছতে মন নবহে....ফোন এটাকে কৰো বুলি সুৰভীয়ে বেগৰ পৰা মোবাইলটো উলিয়াই অনুৰাগলৈ বুলি ফোন লগালে.....ছেহঃ....ফোনটোও ৰিচিভ কৰা নাই ।কি বা হৈছে.......তেনেতে ভাবি থাকোতেই পাছফালৰ পৰা ময়ুৰীয়ে মাত দিয়ে।
... সুৰভী...সুৰভী...তই সোনকালেই অনুৰাগহঁতৰ ঘৰলৈ যাহ.... তাৰ দেউতাকৰ এক্সিডেন্ট হৈছে।স্কুলৰ পৰা উভতি আহোতেই বাটত কোনোবা গাড়ী এখনে পাছফালৰ পৰা খুন্দা মৰাত তেওঁ বৰ বেয়াকৈ দুখ পাইছে।এতিয়া মেডিকেললৈ নিছে।তই যিমান পাৰ সোনকালেই যা অনুৰাগৰ ওচৰলে........
কথাবোৰ শুনাৰ পাছত সুৰভী কেনেকৈ আহি অনুৰাগৰ কাষত থিয় হ'ল তাই গমেই নাপালে।তাই কেৱল অনুৰাগৰ কথাহে ভাবিলে....
সুৰভী....দেউতাৰ কি হৈ গ'ল চোৱা সুৰভী।বহুত দোষ পাইছে।ডাক্তৰে এতিয়াও একো ক'ব পৰা নাই ।
একো নহয় দেউতাৰ।সকলো ঠিক হৈ যাব।তুমি চিন্তা নকৰিবা অনুৰাগ...সুৰভীয়ে মনৰ মাজতে নেদেখাজনলৈ আশীৰ্বাদ কৰিলে যাতে অনুৰাগৰ দেউতাক সোনকালেই সুস্থ হৈ উঠে যেন।
...দুদিনৰ পাছত অনুৰাগৰ দেউতাক সুস্থ হৈ উঠিছিল যদিও তেওঁৰ দেহৰ সোঁফালৰ অংশখিনি সম্পূৰ্ণ বিকলাংগ হৈ পৰিছিল ।ঘৰখনত যেন অন্ধকাৰহে নামি আহিছিল ।কোনেও কাৰো মুখলৈ চাব নোৱাৰা হৈছিল।যি কেইটা উৰ্পাজনৰ টকা বুলিবলৈ ঘৰখনলৈ আহিছিল এতিয়া সেই উৰ্পাজনৰ টকাৰ মুখ কোনেও নেদেখা হ'ল।
এমাহ মানৰ পাছতেই এদিন অনুৰাগ কলেজলৈ বুলি ওলাই আহোতে বাটতে সুৰভীক পালে।সুৰভীয়ে হাঁহো-নাহাঁহোকৈ তালৈ চাই ঘৰৰ খবৰ ল'লে....
...ঘৰত চব ঠিকেই আছেনে.. আৰু দেউতাৰ গা এতিয়া....
ভাল বুলিবলৈ কিনো আছে সুৰভী....দেউতাৰ এনে এটা হোৱাৰ পাছৰ পৰা দেখোন ঘৰখন কোনোমতেহে জীয়াই আছে।উৰ্পাজন বুলিবলৈ একোৱেই নাই ।যি কেইটা সাঁচতীয়া আছিল সেইয়াও ইতিমধ্যে শেষ হওঁ হওঁ অৱস্থা....সুৰভী...
..কোৱা অনুৰাগ....
মই হয়তো পঢ়া ইমানতে সামৰিব লাগিব ।কিবা এটা নকৰিলে ঘৰখন শেষ হৈ যাব সুৰভী....
....অনুৰাগ...মই তোমাৰ কথাবোৰ বুজি পাইছো। কিন্ত তোমাৰ দেউতাৰ সপোনবোৰ.....তেওঁ তোমাক লৈ কৰা সপোনবোৰ কি তুমি ভাঙি পেলাবা অনুৰাগ....এবাৰ কথাবোৰ ভাবি চোৱা...দেউতাৰ সপোনবোৰ ভাঙি নেপেলাবা....আৰু মোৰ বাবেও অনুৰাগ...
........
সুৰভী....কি ভাবি আছা...
....কিবা কৈছিল মা...
মই একো কোৱা নাই ....তুমিহে কিবা ভাবি আছিলা।আহা খাবলৈ দিছো।আজি ৰাতিপুৱাৰ সাঁজ দেৰিয়েই হ'ল।যিমানহে কথা পাতিলো।আহা....তোমালোকে খাই লোৱাহি.....
...হ'ব মা...গৈছো ব'লক।মই দেউতাক আগতে খুৱাই লওঁ মা........
(আগলৈ)
No comments:
Post a Comment