Saturday, 27 January 2018

এটি মিঠা সপোন(১৫)

#এটি মিঠা সপোন  (১৫)
✍নয়নমনি দত্ত

  সুৰভী বৰষুণত তিতি অহা দেখি পাহিয়ে বাৰাণ্ডাৰ পৰাই বৌয়েকক চিঞৰি সোধে.....
বৌ তুমি কি তিতি তিতিয়ে আহিলা।অলপটো ৰৈ দিব পাৰিলা হয়।সোনকালে ভিতৰলৈ আহা।কাপোৰযোৰ সোনকালেই সলাই লোৱাগৈ নহ'লে তোমাক জ্বৰে পাবগৈ....পাহিয়ে কথাবোৰ কৈ থাকোঁতেই সুৰভীয়ে তাইকো ভিতৰলৈ একপ্ৰকাৰ টানি নিয়াদি নিয়ে।

পাহি...পাহি...তোমাক বহুত কথাই ক'বলৈ আছে।আহা...আহা..মোৰ লগত।
বৌ কিবা ভাল খবৰ আছে নেকি।আজি তোমাৰ মনটো বৰ স্ফূৰ্তি দেখিছো।
আহাচোন আগতে মোৰ ৰুমলৈ....দুয়োজনী হাঁহি হাঁহি গৈ সুৰভীৰ ৰুম পায়গৈ।

সুৰভীয়ে কাপোৰযোৰ সলাই লৈ পাহিৰ কাষতে বহেহি।
এতিয়া কোৱা বৌ...তোমাৰ আজি কিহত ইমান স্ফূৰ্তি।মইও অলপমান ভাগ লওঁ।

নাই অ'...তেনে কোনো কথা নাই পাহি.....সুৰভীয়ে তাইৰ হাত দুখনৰ মাজত পাহিৰ দুখন লৈ মনৰ কথাবোৰ সুৰভীয়ে কৈ যায়...
পাহি.....তোমাক সিদিনাখন মইয়েই কৈছিলো।জীৱনটোত সুন্দৰকৈ থাকিবলৈ সদায় আমি সুখক আদৰি ল'বলৈ শিকিব লাগে।তেতিয়া আমাৰ বাবে পৃথিৱীখন বৰ সুন্দৰ হৈ পৰে আৰু সেই সুন্দৰ পৃথিৱীখন আজি মইও চাব বিচাৰো পাহি....
...... হয় পাহি... মই তোমালোকৰ কথা ৰাখি আজি মইও প্ৰবালৰ সৈতে সেই সুন্দৰ পৃথিৱীখন চাব বিচাৰো।
সচাঁ বৌ.....তুমি সচাঁকৈয়ে কৈছা.....
মমমম...সচাঁ পাহি.....পাহিয়ে সুৰভীক টানি আনি দুয়োজনীয়ে হাতত হাত ধৰি আনন্দতে ঘুৰিবলৈ লয়।
বৌ...ইমান ভাল কথাটো মই মাক আৰু দেউতাকো জনাই আহোগৈ।
নাই পাহি.....এতিয়াই মা-দেউতাক কথাবোৰ জনাব নালাগে।
কিয় বৌ...
পাহি...প্ৰবালে যোৱাৰ পৰা মোলৈ এবাৰো ফোন কৰা নাই আৰু সি যদি কেনেবাকৈ মত সলনি কৰিছে তেতিয়া...
নাই বৌ..তুমি মিছাতে ইমান ভয় খাইছা।সি কেতিয়াও তেনে নকৰে মোৰ বিশ্বাস বৌ...তুমি এবাৰ প্ৰবাললৈ ফোন কৰি তোমাৰ মনৰ কথা জনাই দিয়া বৌ...
এয়া লোৱা...নম্বৰ লগোৱা আৰু তোমাৰ মনৰ কথা কৈ দিয়া....পাহিয়ে মোবাইলটো সুৰভীৰ হাতত গুজি দিয়ে।

ক্রিং ক্রিং...
  ক্রিং ক্রিং...
    ...পাহি ফোন ৰিচিভ নাই কৰা।
আকৌ এবাৰ লগোৱাচোন বৌ।ইমান হতাশ নহ'বা।হয়তু কিবা কামত আছে...সুৰভীয়ে পুনৰ প্ৰবালৰ নম্বৰটো ডায়েল কৰে।
  সিফালৰ পৰা কোনো উত্তৰ নোপোৱাত সুৰভীৰ চকু সেমেকি আহে।
নাই পাহি....মই হেৰুৱাই পেলালো পাহি ....মই  হেৰুৱাই পেলালো।
নাকান্দিবা বৌ।ইমানতে ভাগি পৰিলে কেনেকৈ হ'ব।আকৌ এবাৰ দেৰিকৈ ফোন লগাবাচোন...একো চিন্তা নকৰিবা।আমি আছো নহয়।সকলো ঠিক হৈ যাব।

পাহিয়ে মাকক পাকঘৰলৈ আহি বৌয়েকৰ সকলো কথা কোৱাত মাকৰ আনন্দতে চকুপানী ওলাই আহে।কিন্ত ফোনৰ কৰাৰ পাছত প্ৰবালৰ কোনো সঁহাৰি নোপোৱাৰ কথাটো জনোৱাত মাক অলপ চিন্তাত পৰে.....
  পাহি..মোৰ মনে নকয় যে প্ৰবালে তেনেকুৱা কাম এটা কৰিব বুলি।অলপ ধৈৰ্য্য ধৰিব লাগিব।তাৰ হাতত চাগে ফোনটো নাথাকিবওটো পাৰে। তই পাৰিলে সুৰভীকহে বুজাবি।নহ'লে তাই পুনৰ ভাগি পৰিব।বৰ কষ্টৰে তাই হাঁহিব শিকিছে।আমি তাইক পুনৰ ভাগি পৰিব দিব নোৱাৰো।
  পাহি...সুৰভীৰ কলেজৰ কাৰোবাক তই ভালদৰে চিনি পাৱনে।
অ' মা....কস্তুৰী বোলা এগৰাকীক মই ভালকৈ চিনি পাওঁ।
তই এবাৰ তাইলৈকে ফোন এটা কৰি চাচোন।কথাটো আচলতে কি।আৰু এতিয়াই সুৰভীক একো জনাব নালাগে।প্ৰথমে সকলো জানি লওঁ।তাৰ পাছতহে সুৰভীক জনাব লাগিব
হ'ব মা......পাহিয়ে সুৰভীৰ মোবাইলটোৰ পৰাই কস্তুৰীলৈ বুলি ফোন লগায়।

 (আগলৈ)

No comments:

Post a Comment

এটি মিঠা সপোন (১৭)

#এটি মিঠা সপোন  (১৭)    আজি মাক আৰু পাহি পুৱাৰে পৰা সোনকালে উঠি মাক পাকঘৰত আৰু পাহি আন কিবা কামত ব্যস্ত।সুৰভীয়ে একো উৱাদিহ নাপাই মাত্ৰ আলেঙ...