#এটি মিঠা সপোন (১)
✍নয়নমনি দত্ত
ৰাতিপুৱা সোনকালে উঠিয়েই গা-পা ধুই আহি সুৰভীয়ে প্ৰথমে গোসাঁইঘৰত চাকি-বন্তি জ্বলাই আহি দেউতাকৰ ভৰিত সেৱা এটি জনাইহে তাই ঘৰৰ বাকীবোৰ কামত লাগেহি.....
...অ'...মাজনী....তুমিহে।আজৰি হ'লা।মই ভাবিলো মাৰা আহিল নেকি আকৌ।
...নাই দেউতা...মাহঁত শুই উঠাই নাই।একো নাই শুৱক দিয়ক।কাম বুলিবলৈ একো নাইয়েই নহয়।মই কৰি মেলি আজৰি হ'লোৱেই।এতিয়া অকল খোৱাৰহে যোগাৰ কৰিবলৈ আছেগৈ।
....চাওঁ...লাহে লাহে উঠকচোন দেউতা..সুৰভীয়ে দেউতাকক লাহে লাহে কান্ধতে ধৰি বিচনাখনৰ মূৰৰ শিতানৰ ফালে গাৰু দুটা দি আওজাই তেওঁক তিতা কাপোৰ এখনেৰে মুখ-হাত মচি দিয়ে।
দেউতা....
...হু...
আজি ৰাতিপুৱাৰ সাঁজত কি খাব কওঁকচোন...মই তাকেই বনাই দিম।
দেউতাক প্ৰমোদ বৰুৱাই সুৰভীলৈ একেথিৰে ৰ লাগি চাবলৈ ধৰিলে....
...দেউতা একো নক'লে যে.....কিবা ভাবি আছে...
...হু...নাই অ' মাজনী....একো নাই ভবা।ভাবিবলৈনো মোৰ কি আছে অ' মাজনী....তুমিচোন সকলোবোৰ দেখি আহি চায়।ঘৰখন যে কি হৈ গ'ল।আৰু মোৰ এই অৱস্থা.....হ'ব দেউতা।এইবোৰ কথা ইমানকৈ ভাবি নাথাকিবচোন ।এদিন সকলো ঠিক হৈ যাব.....
এতিয়া কওঁক আপুনি কি খাব।
তোমাৰ যি মন যায় তাকেই যোগাৰ কৰাগৈ....
হ'ব বাৰু দেউতা....সুৰভীয়ে দেউতাকৰ হাতত আজিৰ বাতৰি কাগজখন পঢ়িবলৈ বুলি হাততে গুজি থৈ যায়গৈ...
সুৰভীয়ে ৰাতিপুৱাৰ খোৱাৰ যোগাৰ কৰি থকাৰ মাজতে দেউতাকৰ লগতে ঘৰৰ সকলোকে চাহৰ কাপ দিয়েহি।তেনেতে মাক প্ৰতিভাই সুৰভীক দেখি মাত এষাৰ দিয়ে....
...সুৰভী...
....কিবা ক'ব মা...
অলপ এইখিনিতে বহাহিচোন....অলপ কথাকে পাতো।
...মা... গৈছো ৰ'ব...এই ৰুটি দুখনমানহে আছে বনাব।মই বনাই আজৰি হৈ গৈছো দেই মা।
সুৰভীয়ে পাকঘৰৰ কাম আজৰি কৰি আহি মাক প্ৰতিভাৰ কাষতে থকা চকীখনতে বহেহি...
..এতিয়া কওঁক মা... কি কথা আছিল ....
সুৰভী তুমি কথাবোৰ অলপ ভাবি চাইছানে....এনেকৈ আৰু কিমান দিন থাকিবা।কথাবোৰ অলপ ভালকৈ ভাবি চোৱা।আমিবোৰতো সদায় নাথাকো।এদিন নহয় এদিন এই সকলোবোৰ এৰি যাবগৈ লাগিব আৰু এই পাহিয়ো এদিন আনৰ ঘৰৰ হ'বগৈ।তুমি অকলে কেনেকৈ জীৱনটো কটাবা।হ'ল বুলি আমাৰ বাবে তুমি কিমান কৰিবা।বহুত কৰিলা সুৰভী....এতিয়া অলপ আমাকো সুবিধা দিয়া... তোমাৰ বাবে কিবা এটা কৰিবলৈ...অন্তত চকু কেইটা মুদাৰ আগতে তোমাৰ জীৱনটো সুখেৰে ভৰি পৰাটো দেখিব বিচাৰো....কথাকেইটা কৈ কৈ মাক প্ৰতিভাই চকুলো টুকে .....
....মাকহঁতে পতা কথাবোৰ শুনি পাহিয়েও হয়ভৰ দিয়েহি......হয় বৌ.....মায়ে ঠিক কথাই কৈছে।দাদা নোহোৱাৰ দিন ধৰি তুমি আমাৰ বাবে বহুত কৰিলা।সকলো এৰি আহি আজিও তুমি আমাৰ বাবেই ইয়াত আছাহি।দেউতাইয়ো বিচনা লোৱাৰ পৰা সকলোখিনি তুমিয়েই কৰি আহিছা আৰু মোৰ পঢ়া-শুনাৰ খৰচ,দেউতাৰ ঔষধৰ খৰচ,ঘৰ চলোৱাৰ পৰা সকলোখিনি তুমিয়েই কৰিছা বৌ।হয়তু মই এইখন ঘৰৰ জীয়ৰী হৈও এইখিনি নোৱাৰিলো হয়।
...বৌ তুমি এতিয়া নিজৰ কথা ভাবা।জীৱনটোক পুনৰ নতুনকৈ গঢ় দিবলৈ শিকা।সদায় আৰু কিমান এনেকৈ থাকিবা....অন্তত দাদাৰ বাবেই জীৱনটোক নতুনকৈ আৰম্ভণি কৰিবলৈ শিকা বৌ.... আমি সদায় তোমাৰ লগত আছো বৌ.....
(আগলৈ)....
No comments:
Post a Comment