#বন্ধুত্ব
আমি স্কুলত পঢ়া দিনৰে কথা এইটো, সৰু কালৰে পৰা বহু ঘটনাই ঠাই আগুৰি বহি আছে কলিজাত বা মগজুত। এইটো দুখ লগা... নামবোৰ নকল.... কাহিনীটো সঁচা....নবম কি দশম মানত তেতিয়া আমি। আমাৰ স্কুলৰ পৰা ছোৱালীৰ স্কুলটোলৈ অলপ বাট। সেই স্কুলৰে ৰীনাৰ প্ৰতি প্ৰেমৰ ভাব ৰাণাৰ কিন্তু প্ৰকাশ কৰিব নোৱাৰে। সি টিউচনত তাইৰ লগৰ বৈশালীক পায়, প্ৰায় সদায়ে। ভয় ভয় কৈ তাইকে ক'লে সি মনৰ কথা। তাই আশ্বাস দিলে সহায়ৰ আৰু আৰম্ভ হ'ল ৰাণা আৰু ৰীনাৰ প্ৰেম....বাহিৰত আনক দেখুৱাই দুয়ো দুয়োৰো অচিনাকী। চিঠিত হিয়া উজাৰি দিয়ে। চিঠিবোৰ বৈশালীৰ হাতেৰে ইফাল সিফাল হয়। প্ৰেম গভীৰ হয়..... সময় আগুৱায়..... সময় সলনি হয়।ৰাণাৰ চিঠিবোৰে বাট হেৰুৱাই বৈশালীৰ বুকুৰ চেপাত সোমাব ধৰিলে। সি আগৰ দৰেই চিঠি দিয়ে উত্তৰ আহে......। ৰীনাৰ উৎকন্ঠা উদ্বিগ্নতা দেখা নাপায় সি। যেতিয়া তাৰ চকুৱে দেখিছিল ৰীনাৰ দুচকু তেতিয়ালৈ তাইৰ দুচকু শিল হৈছিল সকলো দুখ সামৰি। নিজক পাইছিল সি মোহাবিষ্ট অৱস্থাত নাগপাশৰ মাজত।ওলাবলৈ তাৰবাবে কোনো বাট খোলা নাছিল।ৰাণা বৈশালী পতি পত্নী হৈছিল এদিন। ৰীনা বাউলী হৈ নিজক আবদ্ধ কৰিছিল এটা ৰূমৰ ভিতৰত......॥
✍ ধ্ৰুবজ্যোতি ৰাজ দাস
২/১/১৮
নিশা ১০:৫৯বজা
No comments:
Post a Comment